স্পৰ্টছ ডেস্ক, 25 এপ্ৰিল : আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে (IOC) শনিবাৰে ঘোষণা কৰে যে, টকিঅ' অলিম্পিক 1 বছৰলৈ স্থগিত ৰখাৰ ফলত এথলীট আৰু দলসমূহে অতিৰিক্ত ব্যয় বহন কৰিব লগা হোৱা বাবে তেওঁলোকে প্ৰদান কৰিছে 25 মিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ৷ IOC য়ে কয় যে, 15 মিলিয়ন আমেৰিকান ডলাৰ 185 খন কম সাহাৰ্য লাভ কৰা দেশৰ 1,600 এথলীটক 2021 চনৰ অলিম্পিকলৈ সাজু কৰিবৰ বাবে দিয়া হ'ব ৷
আনহাতে, 10 মিলিয়ন আমেৰিকান ডলাৰ ৰাষ্ট্ৰীয় অলিম্পিক পৰিষদসমূহলৈ প্ৰদান কৰা হ'ব ৷ পৰিষদসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ ভ্ৰমণ আৰু আৱাসৰ বাবে ব্য়য় হোৱা অতিৰিক্ত খৰচসমূহৰ বাবে এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷
Olympic Solidarity আঁচনিৰ জৰিয়তে এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷ ইয়াৰ জৰিয়তে 206 খন দেশৰ অলিম্পিক দল আৰু অন্যান্য দলসমূহে তেওঁলোকৰ এথলীটসকলক প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব ৷