স্প'ৰ্টছ ডেস্ক , ২০ ডিচেম্বৰ : জাৰ্মানীৰ কোলনত অনুষ্ঠিত বক্সিং বিশ্বকাপত ভাৰতীয় মল্লযোদ্ধাই অৰ্জন কৰিলে ৩ টা সোণৰ পদক, ২ টা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক । ৩ টা সোণৰ পদক ক্ৰমে অমিত পাংগাল, মনীষা মৌন আৰু চিমৰণজিৎ কৌৰে লাভ কৰি ৬৭ দিনীয়া ইউৰোপীয় প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ অভিযান সফল ৰূপত সমাপ্ত কৰে ।
ইটালীত শক্তিশালী প্ৰস্তুতিৰ পিছতে ৫ গৰাকী মহিলা আৰু ৮ জন মল্লযোদ্ধাই "Cologne Boxing World Cup" ৰ বাবে তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল । ভাৰতীয় বক্সাৰ তথা AIBA Women's World Boxing Championshipৰ ব্ৰঞ্জ পদক বিজয়ী চিমৰনজিৎ কৌৰ বাথে ছেমিফাইনেলত উন্নত প্ৰদৰ্শনৰ পিছতে মায়া ক্লেনহনছৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হয় । ফাইনেলত ২৫ বছৰীয়া ভাৰতীয় বক্সাৰ গৰাকীয়ে জাৰ্মানী প্ৰতিদ্বন্দ্বীক কেইটামান স্পষ্ট পাঞ্চেৰে ধৰাশায়ী কৰে । ভাৰতীয় খেলুৱৈ গৰাকীয়ে সময়ৰ সঠিক ব্য়ৱহাৰ কৰি যুঁজৰ সময় সফলতাৰে হ্ৰাস কৰি আনে আৰু ৬০ কেজিৰ শিতানত বিজয় পদক লাভ কৰিবলৈ সক্ষম হয় ।
আনফালে ৫৭ কেজিৰ শিতানত দুই ভাৰতীয় ক্ৰমে মনীষা মৌন আৰু দুবাৰকৈ AIBA Women's Youth World Champion ৰ খিতাপ লাভ কৰা সাক্ষী চৌধাৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায় । সাক্ষীয়ে প্ৰথম ৰাউণ্ডতে কেইবাটাও শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক পৰাভূত কৰিবলৈ সক্ষম হয় । কিন্তু এই ৰোমাঞ্চকৰ খেলত দ্বিতীয় ৰাউণ্ডৰ পিছত মনীষা কিছু আগবাঢ়ে আৰু এটা সময়ত ৩:২ পইন্ট লাভ কৰাৰ পিছত পুনৰ প্ৰতিদ্বন্দিতালৈ ঘূৰি আহিবলৈ সাক্ষীক সুযোগ নিদিলে মনীষাই । লগে লগে সাক্ষীয়ে ৰূপৰ পদকেৰে কোলোনৰ যাত্ৰা শেষ কৰিব লগীয়া হয় ।