তেজপুৰ, 13 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ আন জিলাৰ লগতে 12 ফেব্ৰুৱাৰীত তেজপুৰত আয়োজন কৰা হয় মুখ্যমন্ত্ৰী মহিলা ক্রীড়া প্ৰতিযোগিতা ৷ এই উপলক্ষে আয়োজন কৰা সভাত জিলা ক্ৰীড়া বিষয়া খিনিন্দ্ৰ মুদৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ, উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উক্ত প্ৰতিযোগিতা 11 টা শাখাত উন্নয়ন খণ্ড ভিত্তিত অনুষ্ঠিত হয় ৷ তাত মহিলাসকলৰ মাজত 4x100 মিটাৰ দৌৰ, শ্বট পুট, ডিচকাছ, জেভিলন, হাই জাম্প, লং জাম্প অনুষ্ঠিত হয় ৷