স্পৰ্টছ ডেস্ক, ১ ডিচেম্বৰ :চমক আৰু নতুনত্বৰ সমাহাৰ ঘটিছে কাটাৰ বিশ্বকাপত (Qatar World Cup 2022) । শুভংকৰৰ পৰা ষ্টেডিয়াম, ৰেফাৰীৰ পৰা খেল পৰিচালনাৰ প্ৰযুক্তি- সকলোতে নতুনত্বৰ সংযোজন ঘটিছে ফিফা বিশ্বকাপপ ২০২২-ত (Mascot of Qatar world cup) । তাতোকৈ গুৰুত্বপূৰ্ণ সংযোজন ঘটিছে এইবাৰৰ বিশ্বকাপত ব্যৱহৃত ফুটবলটোত ।
এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে ‘আল ৰিহলা’ (Qatar world cup football Al Rihla) । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰেই এখন ফটোৱে সম্প্রতি অবাক কৰিছে সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীক । কিন্তু কিহৰ বাবে এই আশ্চৰ্য ? কি আছে এই বলটোত ? ভাইৰেল হোৱা ফটোত দেখা গৈছে যে বলৰ এটা অংশ খুলি তাত চার্জ দিয়া হৈছে । ঠিক যেনেদৰে মোবাইল বা লেপটপত চাৰ্জ দিয়া হয় তেনেদৰেই (Al Rihla charging ball) ।
কিন্তু কিয় এইবাৰৰ বিশ্বকাপৰ বলবোৰত চার্জ দিবলগা হৈছে (Chargeable football in Qatar FIFA world cup) ? ৰহস্য কি ?
ইয়াৰ ব্যাখ্যা আগবঢ়াইছে বল নির্মাতা কোম্পানীটোৱে । প্ৰকৃততে এইবাৰ বিশ্বকাপত ব্যৱহৃত বলবোৰ বাকী পূৰ্বতে ব্যৱহৃতবোৰতকৈ পৃথক । বলৰ ভিতৰত লগোৱা হৈছে ছেন্সৰ (sensor in Al Rihla ball) । মেচ চলি থকা সময়ত উক্ত ছেন্সৰবোৰে প্রতিমুহূর্তে ছাৰ্ভাৰলৈ তথ্য প্ৰেৰণ কৰি থাকে । ছেকেণ্ডত ৫০০ বাৰকৈ তথ্য প্ৰেৰণ কৰে । প্রতিবাৰেই বলৰ সৈতে কিবা কিছু স্পর্শ হ'লেই তাৰ নির্ভুল তথ্য গুচি যায় ছার্ভাৰলৈ ।
উক্ত ছেন্সৰৰ সৈতে সংযুক্ত হৈ আছে এটি বেটাৰী । ইয়াৰ ওজন হৈছে ১৪ গ্রাম । উক্ত বেটাৰীকেই মেচৰ পূৰ্বে চার্জ দিব লাগে । এবাৰ চার্জ দিলে বেটাৰীৰ আয়ুস ছয়ঘণ্টা ধৰি থাকে । সেয়ে নির্ভুল তথ্য লাভ কৰিবলৈ প্রতিখন মেচৰ পূৰ্বে বলবোৰ চার্জ দিয়াটো জৰুৰী (FIFA world cup 2022)।