স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ব্ৰিটিছ গ্ৰা প্ৰী ত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা লুইছ হেমিল্টনে ৷ শনিবাৰে 91 বাৰৰ বাবে প’ল প’জিচন লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে-লগে মাইকেল শুমাকৰৰ 91 বাৰৰ গ্ৰা প্ৰী জয়ৰ ফমুৰ্লা ৱানৰ অভিলেখৰ সমপৰ্যায় লাভ কৰিবলৈ কেৱল 5 টা জয়ৰ দূৰত্বত অৱস্থিত হৈছে ৷ হেমিল্টনে 1 মিনিট 24.303 ছেকেণ্ডত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷
ছিলভাৰ ষ্ট’ন চাৰ্কিটত সাতবাৰৰ বাবে জয়ী হৈ এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে হেমিল্টনে ৷ ঘৰুৱা ইভেণ্টত সাতবাৰৰ বাবে প’ল প’জিচন লাভ কৰা প্ৰথমগৰাকী চালক হৈছে হেমিল্টন ৷