অসম

assam

ETV Bharat / sports

বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইক লৈ আশাবাদী মুখ্য প্ৰশিক্ষক - 2020 টকিঅ’ অলিম্পিক

অসমৰ দুই বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইৰ পৰা 2020 টকিঅ’ অলিম্পিকত উন্নত খেলৰ আশা কৰিছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিয়াগ’ নেইভাই । টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হ'লেই অসমৰ এই দুই বক্সাৰে দেশৰ বাবে মেডেল আনিবলৈ সক্ষম হ'ব বলি মন্তব্য কৰে নেইভাই ।

বক্সাৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইক লৈ আশাবাদী মুখ্য প্ৰশিক্ষক

By

Published : Oct 19, 2019, 11:55 PM IST

Updated : Oct 20, 2019, 3:37 PM IST

গুৱাহাটী,19 অক্টোবৰ: গুৱাহাটীৰ ছাই কমপ্লেক্সত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বক্সিং কৰ্মশালা। উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে বক্সিং কৰ্মশালা ৷ এই কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বক্সিং খেলৰ লগত জড়িত ৰেফাৰী আৰু বক্সিং খেল পৰিচালনা কৰা অন্যান্য ব্যক্তি সকলক কেনেদৰে এখন খেল সঠিকভাৱে পৰিচালনা কৰা হয় এই বিষয়ে প্ৰশিক্ষণ দিয়া হয় ৷

গুৱাহাটীৰ ছাই কমপ্লেক্সত বক্সিং কৰ্মশালা

এই কৰ্মশালাতে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক শান্তিয়াগ’ নেইভাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। কৰ্মশালাৰ প্ৰথম দিনা এক সংবাদমেল অনুষ্ঠিত কৰি শান্তিয়াগ’ নেইভাৰে কয় ভাৰতবৰ্ষত বক্সিঙৰ ভৱিষ্যত উজ্জ্বল। ভাৰতৰ বক্সাৰ সকল যথেষ্ট প্ৰতিভাশালী ৷ উত্তৰ পূৰ্বাঞ্চলত কেইবাগৰাকী প্ৰতিভাৱান বক্সাৰ আছে । বিশেষকৈ অসমৰ শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইৰ ভাৰতীয় বক্সিং খেলক অধিক আগুৱাই নিয়াৰ প্ৰতিভা আছে ।

মুখ্য প্ৰশিক্ষক গৰাকীয়ে 2020 চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেলত শিৱ থাপা আৰু লাভলিনা বুঢ়াগোহাঁইয়ে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হ’লেই দুয়োগৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে শান্তিয়াগ’ নেইভাই ।

অৱশ্যে টকিঅ’ অলিম্পিকত বক্সিঙৰ 60 কেজিৰ শাখা আতৰাই দিয়াৰ ফলত শিৱ থাপাই 63 শাখাত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে শান্তিয়াগ’ নেইভাৰে ৷

Last Updated : Oct 20, 2019, 3:37 PM IST

ABOUT THE AUTHOR

...view details