স্পৰ্টছ ডেস্ক,3 ডিচেম্বৰ : পশ্চিমবংগৰ অন্য়তম জুনিয়ৰ শাখাৰ বক্সাৰ সৰবজিৎ সিঙে অনুশীলনৰ বাবে বাছি লৈছে এখন স্থানীয় পাৰ্ক ৷ জুনিয়ৰ শাখাত পাঁচবাৰকৈ চেম্পিয়ন হোৱা সৰবজিতে কৰ’ণা মহামাৰীৰ সময়ছোৱাত বক্সিং ৰিঙত অনুশীলন কৰিব পৰা নাই ৷ সেয়েহে এতিয়া তেওঁ এখন স্থানীয় পাৰ্কত অনুশীলন আৰম্ভ কৰিছে বুলি ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷
বিহাৰৰ সৰবজিৎ সিঙে পাঁচবাৰকৈ চেম্পিয়ন হৈ এটা উজ্জ্বল ভৱিষ্য়তৰ আশা কৰিছে ৷ অৱশ্য়ে কৰ’ণা মহামাৰীয়ে তেওঁৰ অনুশীলনত ব্য়াঘাত জন্মাইছে ৷ বক্সিং ৰিঙে খেলুৱৈসকলৰ বাবে অপেক্ষা কৰি আছে যদিও ক্ৰীড়া প্ৰাধিকৰণে ৰিঙত অনুশীলন কৰিবলৈ খেলুৱৈসকলক অনুমতি প্ৰদান কৰা নাই ৷