স্পৰ্টছ ডেস্ক, 8 আগষ্ট : ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেল ৰত্ন’ বঁটাক দেশৰ সৰ্বশ্ৰেষ্ঠ হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে নামাকাৰণৰ সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় ক্ৰীড়া সিমিতিয়ে ৷ ধ্যান চান্দে নিজৰ কেৰিয়াৰত 1926 চনৰ পৰা 1949 চনলৈ 1928, 1932 আৰু 1936 চনত দেশৰ হৈ হকীত অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল ৷
ধ্যান চান্দৰ জন্ম দিনটো অৰ্থাৎ 29 আগষ্টক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় ৷ 2003 চনত ‘খেল ৰত্ন’ সন্মানেৰে সন্মানিত তথা এথলেটিকছৰ বিশ্ব ছেম্পিয়নশ্বিপত মেডেল লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ ভাৰতীয় অঞ্জু ববী জৰ্জে কয়, খেলৰ বঁটা খেলুৱৈ নামেৰে নামাংকৃত হ’ব লাগে ৷
তেওঁ কয়, "এয়াই সময় যে আমি আমাৰ খেলৰ বঁটাসমূহ খেলুৱৈসকলৰ নামেৰে নামাংকৃত কৰিব লাগে ৷ এইটো শুদ্ধ পদক্ষেপ ৷ ধ্যান চান্দ আমাৰ হকী কিংবদন্তি আৰু হকী আমাৰ ৰাষ্ট্ৰীয় খেল ৷ ভাৰতে 41 বছৰৰ পাচত হকীত অলিম্পিক মেডেল লাভ কৰাৰ সময়তেই দেশৰ সৰ্বোচ্চ খেলৰ বঁটাটো ধ্যান চান্দৰ নামেৰে নামাংকৃত কৰাৰ উপযুক্ত সময় ৷"
এই সন্দৰ্ভত প্ৰাক্তন হকী স্কিপাৰ অজিতপাল সিঙে কয়, "এই চিনাকি পলমকৈ অহাটো একেবাৰে বঞ্চিত হৈ থকাতকৈ শ্ৰেয় ৷" তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত আদৰণীয় ৷ খেলৰ বঁটাসমূহ সদায় খেলুৱৈৰ নামেৰে নামাংকৃত হ’ব লাগে ৷ আমাৰ দেশত ধ্যান চান্দ জীতকৈ শ্ৰেষ্ঠ খেলুৱৈ নাই ৷ এই চিনাকি পলমকৈ আহিল যদিও একেবাৰে বঞ্চিত হৈ ৰোৱাতকৈ শ্ৰেয় ৷’
এই সন্দৰ্ভত অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট বক্সাৰ বিজেন্দৰ সিঙে মন্তব্য কৰি কয়, ধ্যান চান্দৰ স্মৃতিক সন্মান জনোৱাটো এক আদৰণীয় পদক্ষেপ ৷ কিন্তু দেশত ক্ৰীড়াৰ মানদণ্ড উন্নত কৰাৰ বাবে এই সিদ্ধান্ত পৰ্যাপ্ত নহয় ৷