বৰপেটা,১১ এপ্ৰিল: বৰপেটা জিলাত শিশুসকলৰ মাজত দেওবাৰে জিলা ভিত্তিত এখন কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ জিলাখনৰ ১৫ টা কাৰাটে প্ৰতিষ্ঠানৰ পৰা অংশ লোৱা বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ৷
বৰপেটাত কাৰাটে প্ৰতিযোগিতা - নৱ প্ৰজন্ম
বৰপেটা জিলাত অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ৷
নৱ প্ৰজন্মক সুস্থ জীৱনৰ শিক্ষা, আত্মৰক্ষাৰ কৌশল, ড্ৰাগছ বা ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা সন্তানক আঁতৰাই ৰখা, ম’বাইলৰ প্ৰতি থকা আসক্তি দুৰ কৰাৰ বাবে কাৰাটে অতি প্ৰয়োজনীয় সমৰকলা হিচাপে পৰিগণিত হৈ আহিছে ৷ সেয়ে সন্তানক কু-অভ্যাস আৰু ড্ৰাগছ আসক্তিৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে কাৰাটেৰ দৰে সমৰকলাৰ প্ৰশিক্ষণৰ লগতে ৰাজ্যখনত জিলা ভিত্তিত এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে সংস্থাটোৱে ৷ আনহাতে দেওবাৰে প্ৰথমবাৰৰ বাবে বৰপেটা জিলা ভিত্তিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা বুলি বৰপেটা জিলা কাৰাটে সন্থাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :প্ৰচণ্ড ধুমুহাত বিধ্বস্ত বাক্সাৰ বহু অঞ্চল