অসম

assam

ETV Bharat / sports

এছিয়ান চেম্পিয়নশ্বিপত বজৰংগ পুনিয়াৰ স্বৰ্ণ জয়

ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই চীনত অনুষ্ঠিত হৈ থকা এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে । ৬৫ কেজি শাখাৰ এই যুঁজত পুনিয়াই কাজাখস্তানৰ ছায়াটবেক অ'কাছভক ১২-৭ ছেটত পৰাস্ত কৰে । তেওঁৰ উপৰিও ৭৯ কেজি শাখাত প্ৰবীণ ৰাণাই ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ।

By

Published : Apr 24, 2019, 5:59 PM IST

BAJRANG PUNIA BAGS GOLD

নিউজ ডেস্ক, ২৪ এপ্ৰিল: বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ তথা ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে । ৬৫ কেজি শাখাৰ এই যুঁজত পুনিয়াই কাজাখস্তানৰ ছায়াটবেক অ'কাছভক ১২-৭ ছেটত পৰাস্ত কৰে । কমনৱেলথ আৰু এছিয়ান গেমছৰ চেম্পিয়ন গৰাকীৰ এছিয়ান চেম্পিয়নশ্বিপত এইয়া দ্বিতীয় স্বৰ্ণ জয় । ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ স্বৰ্ণ জয় কৰাৰ উপৰিও এই টুৰ্ণামেন্টত বৰ্তমানলৈকে সৰ্বমুঠ ৫ টা পদক লাভ কৰিছে খেলুৱৈগৰাকীয়ে ।

BAJRANG PUNIA BAGS GOLD

তেওঁৰ উপৰিও ৭৯ কেজি শাখাত প্ৰবীণ ৰাণাই ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে । ফাইনেল মেচত প্ৰবীণে ইৰাণৰ তিমৌৰি বাহমানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ ফলত ৰূপৰ পদকতে ক্ষান্ত থাকে । উল্লেখ্য যে, ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই টুৰ্ণামেন্টখন এপ্ৰিলৰ ২৮ তাৰিখে সমাপ্ত হ'ব । ভাৰতে এই টুৰ্ণামেন্টৰ বাবে ৩০ জনীয়া এটা দল প্ৰেৰণ কৰিছে আৰু যোৱাবছৰ ৮ টা পদক লাভ কৰা দলটোৱে এইবাৰ তাতকৈও উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে নামিব ।

ABOUT THE AUTHOR

...view details