অসম

assam

ETV Bharat / sports

পুনৰ স্বৰ্ণ জয় বজৰংগ পুনিয়াৰ

ৰাছিয়াত অনুষ্ঠিত আলি আলিভ মল্লযুঁজ টুৰ্ণামেন্টত স্বৰ্ণ জয় কৰিছে ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই। এই টুৰ্ণামেন্টত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপেও স্বীকৃতি লাভ কৰিছে তেওঁ ৷

By

Published : May 4, 2019, 12:14 PM IST

পুনৰ স্বৰ্ণ জয় বজৰংগ পুনিয়াৰ

নিউজ ডেস্ক, ৪ মেঃ বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ মল্লযুঁজাৰু বজৰংগ পুনিয়াই ৰাছিয়াত অনুষ্ঠিত আলি আলিভ মল্লযুঁজ টুৰ্ণামেন্টত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে। ৬৫ কে.জি. শাখাত ৰাছিয়াৰ ভিক্টৰ ৰাছাদিনক পৰাস্ত কৰি পদক জয় কৰাৰ পাছতে আলি আলিভ টুৰ্ণামেন্ট জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে স্বীকৃতি লাভ কৰে।

পুনৰ স্বৰ্ণ জয় বজৰংগ পুনিয়াৰ

উল্লেখ্য যে, যোৱা সপ্তাহত চীনত অনুষ্ঠিত এচিয়ান চেম্পিয়নশ্বিপতো স্বৰ্ণ জয় কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে। এই জয়েৰে তেওঁ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান অক্ষুন্ন ৰখাৰ লগতে সৰ্বোচ্চ ৰেংকিঙত থকা এচিয়ান মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।

পুনৰ স্বৰ্ণ জয় বজৰংগ পুনিয়াৰ

ABOUT THE AUTHOR

...view details