অসম

assam

ETV Bharat / sports

ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপলৈ বজৰংগ পুনিয়া

ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ, 2019 লৈ নিৰ্বাচিত হৈছে বজৰংগ পুনিয়া ৷ তেওঁৰ সহিতে 5 জনকৈ খেলুৱৈক এই টুৰ্ণামেন্টৰ বাবে নিৰ্বাচন কৰা হৈছে ৷

By

Published : Jul 27, 2019, 7:13 PM IST

ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপলৈ বজৰংগ পুনিয়া

স্পৰ্টছ ডেস্ক, 27 জুলাই : ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ, 2019 লৈ বজৰংগ পুনিয়া সহিতে 5 জনকৈ মল্লযুঁজাৰুৰ নিৰ্বাচন কৰা হৈছে ৷ 2020 অলিম্পিকত স্থান সুনিশ্চিত কৰাৰ প্ৰথমটো পদক্ষেপ হিচাপে গণ্য কৰা হৈছে এই টুৰ্ণামেন্টক ৷ শুকুৰবাৰে কে. ডি. যাদৱ ৰেষ্টলিং ষ্টেডিয়ামত এই 5 টাকৈ ওজন শাখাৰ নিৰ্বাচন অনুস্থিত কৰা হয় ৷

ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপলৈ বজৰংগ পুনিয়া

বজৰংগ পুনিয়াক 65 কেজি শাখাৰ বাবে নিৰ্বাচন কৰাৰ লগতে ৰবি কুমাৰক 57 কেজি, দীপক পুনিয়াক 86 কেজি, মৌচম ক্ষত্ৰীক 97 কেজি আৰু সুমিতক 125 কেজিৰ বাবে নিৰ্বাচন কৰা হয় ৷ আনহাতে, 74, 61, 70, 79 আৰু 92 কেজি শাখাৰ নিৰ্বাচন আগষ্টৰ দ্বিতীয় সপ্তাহত কৰা হ'ব ৷

ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপলৈ বজৰংগ পুনিয়া

ABOUT THE AUTHOR

...view details