অসম

assam

ETV Bharat / sports

"অশিক্ষিত গাহৰি":  টুইট কৰি স্পষ্টিকৰণো দিলে ববীতা ফগাটে

কোনো ধৰ্মীয় লোকক উদ্দেশ্যি টুইট কৰা নাছিলো । চিকিৎসক, আৰক্ষী, নাৰ্ছক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে হে আছিল টুইটটো-ফগাট ।

"অশিক্ষিত গাহৰি" বুলি কৰা টুইটৰ স্পষ্টিকৰণ ববীতা ফগাটৰ
"অশিক্ষিত গাহৰি" বুলি কৰা টুইটৰ স্পষ্টিকৰণ ববীতা ফগাটৰ

By

Published : Apr 6, 2020, 2:43 PM IST

স্পৰ্টছ ডেস্ক, ৬ এপ্ৰিলঃ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ পাচতেই কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ী মল্লযুঁজাৰু ববীতা ফগাটৰ এটা টুইটে বিৰ্তকৰ সূচনা কৰে । টুইটাৰত অশিক্ষিত গাহৰি বুলি এটা টুইট কৰিছিল খেলুৱৈগৰাকীয়ে । দেওবাৰে এই টুইটৰ স্পষ্টিকৰণ দাঙি ধৰি খেলুৱৈগৰাকীয়ে কয়, মই কোনো ধৰ্মীয় লোকক উদ্দেশ্যি টুইটটো কৰা নাছিলো । মোৰ টুইটো সেই সকলৰ বাবে যিয়ে চিকিৎসক, আৰক্ষী, নাৰ্ছৰ ওপৰত আক্ৰমণ চলাইছে । চিকিৎসকক আক্ৰমণ কৰা সকলক ফাঁচী দিব লাগে ।

ববীতাই- "আপোনাৰ ঠাইত বাদুলীৰ দ্বাৰা সংক্ৰমণ হ'ব পাৰে । কিন্তু ভাৰতত অশিক্ষিত গাহৰীৰ দ্বাৰা সংক্ৰমণ হয়" বুলি টুইট কৰিছিল। অৱশ্যে পিছত এই টুইটটো আঁতৰাই দিয়ে খেলুৱৈগৰাকীয়ে ।

টুইটটোৰ সন্দৰ্ভত খেলুৱৈগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা উল্লেখ কৰি কয় যে, তেওঁ একো ভুল কোৱা নাই । না তেওঁ কোনোৱা ধৰ্মৰ লোকক উদ্দেশি টুইট কৰিছে । তেওঁৰ টুইটটো কেৱল চিকিৎসক, আৰক্ষী, নাৰ্ছৰ ওপৰত আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে আছিল বুলি স্পষ্ট কৰে ।

দেশযুৰি বিগত ২৪ ঘন্টাত ৫০৫ টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে-লগে ভাৰতত আক্ৰান্তৰ সংখ্য়া ৩৫০০ লৈ বৃদ্ধি পাইছে । বৰ্তমান ৪৩৬২ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মুত্যুমুখত পৰিছে ১২১ গৰাকী ৰোগী ।

লগতে চাওক- ইষ্ট দিল্লীত ভুৱা পৰিচয় পত্ৰ দেখুৱাই দিল্লী আৰক্ষীৰ জালত এজন

ABOUT THE AUTHOR

...view details