অসম

assam

By

Published : Jun 7, 2021, 12:45 PM IST

ETV Bharat / sports

তাৰকা দৌৰবিদ মিলখা সিঙৰ স্বাস্থ্য সুস্থিৰ

স্বাস্থ্যৰ কিছু উন্নতি হৈছে তাৰকা দৌৰবিদ মিলখা সিঙৰ ৷ বিগত 3 জুনত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে আইচিইউত ভৰ্তি কৰা হৈছিল খেলুৱৈগৰাকীক ৷

Athletics legend Milkha showing 'continuous improvement': Hospital
স্বাস্থ্য কিছু উন্নত হৈছে তাৰকা দৌৰবিদ মিলখা সিঙৰ

স্পৰ্টচ ডেস্ক,7 জুন:স্বাস্থ্য কিছু উন্নত হৈছে তাৰকা দৌৰবিদ মিলখা সিঙৰ ৷ চণ্ডীগড়ৰ এখন স্থানীয় চিকিৎসালয়ত ক’ভিড 19 (Covid 19) ৰ চিকিৎসা চলি আছে দৌৰবিদগৰাকীৰ ৷ আনহাতে, তেওঁৰ পত্নী নিৰ্মলাও মহামাৰী কৰ’ণাত আক্ৰান্ত হৈ মোহালিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

দেওবাৰে ‘পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চ এণ্ড ৰিচাৰ্চ (PGIMER) এ নিজৰ স্বাস্থ্য বুলেটিনত কয় যে, ‘বিগত 3 জুনৰ পৰা ক’ভিডত আক্ৰান্ত হৈ PGIMERৰ এন এইছ ই(NHE) ব্লকৰ আইচিইউত ভৰ্তি হৈ থকা তাৰকা খেলুৱৈ গৰাকী সম্প্ৰতি কিছু সুস্থ হৈ উঠিছে ৷ তেওঁক হাস্পতালখনৰ চিকিৎসকৰ দলে সকলো সময়তে পৰ্যবেক্ষণ কৰি আছে’ ৷

91 বৰ্ষীয় খেলুৱৈগৰাকী যোৱা মাহত ক’ভিডত আক্ৰান্ত হৈ মোহালিৰ ফৰ্টিচ হাস্পতালত ভৰ্তি হৈ আছিল ৷ চলিত সপ্তাহত তেখেতক মোহালীৰ হাস্পতালৰ পৰা অব্যাহতি দিয়া হয়, যদিও 3 জুনত তেওঁ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে আইচিইউত ভৰ্তি কৰোৱা হয় ৷ আনহাতে, খেলুৱৈগৰাকীৰ 82 বৰ্ষীয় পত্নী নিৰ্মালাই সাহসিকতাৰে ক’ভিডৰে যুঁজ দি থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক-কিউমিন আঁতৰি যোৱাৰ লগতে প্ৰথম দুৰ্ঘটনাৰ সন্মুখীন IPL 2021ৰ দ্বিতীয় পৰ্ব

ABOUT THE AUTHOR

...view details