অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম জীয়ৰী ৰাখী - ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটী গান্ধীবস্তীৰ ৰাখী শৰ্মাই

সুদূৰ দক্ষিণ আফ্ৰিকাত ভাৰতৰ নাম উজলাবলৈ সক্ষম হ’ল এগৰাকী অসমীয়াই ৷ ভাৰতক প্ৰতিনিধিত্ব কৰি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ‘‘ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019’’ (World Masters Power lifting Championship 2019) ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটীৰ খেলুৱৈয়ে ৷

Assamese women Powerlifting bronze won

By

Published : Oct 15, 2019, 6:22 PM IST

দক্ষিণ কামৰূপ, 15 অক্টোবৰঃআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম জীয়ৰী । দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত 2019 ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটীৰ গান্ধীবস্তিৰ ৰাখী শৰ্মাই ।

ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019

দক্ষিণ আফ্ৰিকাত আয়োজিত চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক । 350 কেজি ওজনৰ ভাৰ উত্তোলন কৰি এই পদক লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে,অসমৰ জীয়ৰী ৰাখী শৰ্মাই হৈছে একমাত্ৰ ভাৰতীয় মহিলা যিয়ে ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল ।

মঙলবাৰে প্ৰতিযোগিতাৰ অন্তত নিজ গৃহভূমিত উপস্থিত হয় ৰাখী শৰ্মা। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই খেলুৱৈগৰাকীক বিভিন্ন দল-সংগঠনৰ লগতে বহু শুভাকাংক্ষীয়ে উষ্ম আদৰণি জনায় ৷ আনহাতে খেলুৱৈগৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী,অসম তথা ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁক দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে কৰা সহায়ৰ কথাও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details