লখিমপুৰ, ১৭ ফেব্ৰুৱাৰী: নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সামৰণি পৰে (National Kickboxing championship in Delhi) । প্ৰতিযোগিতাখনত অসমৰ পৰা অংশগ্রহণ কৰা ৪৯ জনীয়া দলটোৱে মুঠ ৩৯ টা পদক লাভ কৰিবলৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় (Assam Team in National Kickboxing Championship) । কিক্ বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ উদ্যোগত আৰু দিল্লী কিক্ বক্সিং সন্থাৰ সহযোগত ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপখন ৷
ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপখনত চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰা অসমৰ দলটোৱে ৮ টা সোণৰ পদক, ১৬ টা ৰূপৰ পদক আৰু ১৫টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৯ টা পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় (Assam win Gold in National Kickboxing Championship) । সদৌ অসম কিক্ বক্সিং ফেডাৰেছনৰ সাধাৰণ সম্পাদক মাষ্টাৰ আহমেদ আশ্ৰফৰ নেতৃত্বত দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷ অসম দলটোত ৰেফাৰী হিচাপে উপস্থিত থাকে মাষ্টাৰ হামিদ আশ্ৰফ আৰু ঋতুৰাজ বিশ্বকৰ্মা । টীম মেনেজাৰ হিচাপে অংশ লয় বিশাল মিজৰে (National Kickboxing championship in Delhi)।
লগতে পঢ়ক:National Sqay Martial Arts Championships: পাঁচটাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে মৰাণৰ প্ৰণীতাই
ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা খেলুৱৈসকল হ’ল ক্ৰমে
ফাইট ইভেণ্টত: পূৰবী সোণোৱাল, ঘৃতম ভূঞা, অনু দেৱী, স্নেহা দেৱী আৰু একলব্য বিশ্বকৰ্মা ।
এৰৌ কিকং বক্সিঙত: মদন ঠাকুৰী আৰু স্বাতী গর্খা ঢাকাল,
মিউজিকেল ফৰ্মতছএকলব্য বিশ্বকৰ্মা
ৰূপৰ পদ-