অসম

assam

ETV Bharat / sports

3 নৱেম্বৰত অসম ভলীবল সন্থাৰ সাধাৰণ সভা - বিচিচিআইৰ অধীনত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ

গোলাঘাটত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থা নতুন সমিতি ৷ অহা 3 নৱেম্বৰত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থাৰ সাধাৰণ সভাখন ৷ আগন্তুক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে গঠন হ’ব নতুন সমিতি ৷ এক সংবাদমেলত এই কথা সদৰী কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাই ৷

3 নৱেম্বৰত অসম ভলীবল সন্থাৰ সাধাৰণ সভা

By

Published : Oct 31, 2019, 7:08 PM IST

গোলাঘাট, 31 অক্টোবৰ: গোলাঘাটত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থাৰ সাধাৰণ সভা । অহা 3 নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ আৰু খেলপথাৰত অনুষ্ঠিত হ’ব এই সভা । ৰাজ্যখনৰ 30 খন ভলীবল সন্থাই অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ কথা এক সংবাদমেল যোগে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়াই প্ৰকাশ কৰে ।

ইতিমধ্যে এই সাধাৰণ সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্য়ে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু চাৰিওদিশ সজাই পৰাই তোলা হৈছে । অসম ভলীবল সন্থাৰ প্ৰতিজন প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলা ক্ৰীড়া সন্থা । অসমৰ ক্ৰীড়া জগতক এক নতুন ৰূপ দিয়াৰ উদ্দেশ্য ভলীবল সন্থাৰ সাধাৰণ সভা আয়োজন কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাই ।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল

আনহাতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন বিচিচিআইৰ অধীনলৈ যোৱা বুলিও প্ৰকাশ কৰিছে সন্থাটোৱে । ৰঞ্জী ট্ৰফীত নতুনকৈ সংযোজিত হোৱা 'নাগালেণ্ড ক্ৰিকেট দল'টোৱে ব্যৱহাৰৰ বাবে খেলপথাৰখন চুক্তিবদ্ধ কৰিছে বিচিচিআইয়ে । যাৰ বাবে বিচিচিআই অধীন নাগালেণ্ড ক্ৰিকেট সন্থাই খেলপথাৰখনত নিজৰ পুঁজিৰ দ্বাৰা বিভিন্নধৰণৰ মেৰামতি কাৰ্য চলাই আহিছে । ইতিমধ্যে, নাগালেণ্ড ক্ৰিকেট সন্থাইয়ে কেবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰতে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details