অসম

assam

ETV Bharat / sports

খেল’ ইণ্ডিয়া: কাবাডীত ধৰাশায়ী অসম - গুৱাহাটীত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ

9 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে খেল’ ইণ্ডিয়া যুৱ গেমছ 2020 ৰ কাবাডীৰ লীগ মেচ ৷ কাবাডী লীগ মেচত শোচনীয় পৰাজয় অসমৰ ৷

খেল’ ইণ্ডিয়া: কাবাডীত ধৰাশায়ী অসম
খেল’ ইণ্ডিয়া: কাবাডীত ধৰাশায়ী অসম

By

Published : Jan 10, 2020, 2:02 AM IST

গুৱাহাটী, 10 জানুৱাৰীঃ খেল’ ইণ্ডিয়াৰ জ্বৰত এতিয়া আক্ৰান্ত অসমবাসী ৷ আনুষ্ঠানিকভাৱে 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ ৷ ইতিমধ্যে আৰম্ভ হৈছে খেল’ ইণ্ডিয়া যুৱ গেমছ 2020 ৰ কাবাডীৰ লীগ মেচ সমূহ ৷ অৱশ্যে অসম ক্ৰীড়াপ্ৰেমী জনতাৰ বাবে দুঃখবৰ ৷ আৰম্ভণি কাবাডী লীগ মেচৰ সকলো শাখাতে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ঘৰুৱা দলটো ৷

খেল’ ইণ্ডিয়াত কাবাডী মেচ

‘গ্ৰুপ এ’ পুৰুষ 17 অনুৰ্ধ্ব মেচত হাৰিয়ানাৰ হাতত63-18ব্যৱধানত, ‘গ্ৰুপ বি’ মহিলাৰ 17 অনুৰ্ধ্ব মেচত ছত্তিশগড়ৰ হাতত 30-17ব্যৱধানত পৰাস্ত হয় অসম ৷

আনহাতে ‘গ্ৰুপ এ’ পুৰুষ21 অনুৰ্ধ্ব মেচত চণ্ডিগড়ৰ হাতত 54-33 ব্যৱধানত, মহিলা 21 অনুৰ্ধ্ব মেচত হিমাচল প্ৰদেশৰ হাতত 40-20 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় অসম দলটো ৷

অসম কাবাডী পুৰুষ দল

এই প্ৰতিযোগিতাত656 গৰাকী প্ৰতিনিধিত্বৰে দ্বিতীয় সৰ্ববৃহৎ অসম দলটোৰ শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ আংকুচিতা বড়ো, লাভলীনা বৰগোঁহাই, যমুনা বড়ো আদি খেলুৱৈৰ পৰা পদক লাভ কৰাৰ আশা কৰিব অসমে ৷ এই প্ৰতিযোগিতাৰ সৰ্ববৃহৎ দলটো হৈছে মহাৰাষ্ট্ৰমহাৰাষ্ট্ৰৰমুঠ 751গৰাকী এথলিটে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ৷

বৃহস্পতিবাৰৰ পৰা কিছু খেলৰ আৰম্ভণি হোৱা খেল‘ ইণ্ডিয়া যুৱ গেমছ 2020 ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান শুকুৰবাৰে সন্ধিয়া 6 বজাতঅনুষ্ঠিত হ’ব ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৷ পূৰ্বতে এই উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ কথা আছিল যদিও অসমৰ শেহতীয়া পৰিস্থিত প্ৰতি লক্ষ্য ৰাখিয়ে এই ভ্ৰমণ সূচী বাতিল কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details