অসম

assam

অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়

By

Published : Jan 2, 2021, 7:40 PM IST

অসম ৰাইফলছ আৰু ভাৰতীয় খেল প্ৰাধিকৰণৰ মাজত 1 জানুৱাৰীত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি অনুসৰি, অসম ৰাইফলছৰ মুখ্যালয়স্থিত অসম ৰাইফলছ পাব্লিক স্কুলক ক্ৰীড়া বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ’ব ৷ অহা 4 জানুৱাৰীত কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৷

অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়
অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়

তেজপুৰ, 2 জানুৱাৰী : মেঘালয়ৰ ৰাজধানীৰ লইতকোৰ জিৰো ভেলীস্থিত অসম ৰাইফলছৰ মুখ্যালয়ৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে নৱবৰ্ষৰ বিশেষ উপহাৰ ৷ মুখ্য়ালয়ত থকা অসম ৰাইফলছ পাব্লিক স্কুলক ক্ৰীড়া বিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বৰ সৰ্বপুৰণি পেৰামিলিটাৰী বাহিনীটোৱে ৷ সেই অনুসৰি, অসম ৰাইফলছ আৰু ভাৰতীয় খেল প্ৰাধিকৰণৰ মাজত 1 জানুৱাৰীত সম্পন্ন হয় এখন বুজাবুজিৰ চুক্তি ৷

অসম ৰাইফলছ পাব্লিক স্কুল

এই চুক্তি অনুসৰিয়ে ভাৰতীয় খেল প্ৰাধিকৰণৰ সহযোগত প্ৰথমে 100 গৰাকী খেলুৱৈক আৰ্চাৰী, ফেন্সিং আৰু এথলেটিকছৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ ইয়াৰ ভিতৰত 50 গৰাকী ছাত্ৰী আৰু 50 গৰাকী ছাত্ৰক ভাৰতীয় খেল প্ৰাধিকৰণৰ বিষয়াই অসম ৰাইফলছৰ সহযোগত উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰিব ৷

অসম ৰাইফলছৰ মহানিৰ্দেশক লেফ. জেন. সুখদ্বীপ চাংৱানৰ সৈতে বাকীসকল বিষয়া

হাৰিয়ানাৰ ৰাই চোনিপটস্থিত মতিলাল নেহৰু স্পৰ্টছ স্কুলৰ আৰ্হিত এপিআৰএছ লইতকোৰক ক্ৰীড়া বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ সিদ্ধান্ত অনুসৰিয়ে 1 জানুৱাৰীত ভাৰতীয় খেল প্ৰাধিকৰণৰ সহযোগত অসম ৰাইফলছে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷

ছাইৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসম ৰাইফলছৰ বিষয়া

উল্লেখ্য যে, অসম ৰাইফলছৰ মুঠ 42 খন পাব্লিক স্কুলৰ ভিতৰত অন্যতম হৈছে লইতকোৰস্থিত এইখন বিদ্যালয় ৷ অহা 4 জানুৱাৰীত বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ অনুষ্ঠানত অসম ৰাইফলছৰ মহানিৰ্দেশক লেফ. জেন. সুখদ্বীপ চাংৱান, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, স্থলসেনাৰ শীৰ্ষ বিষয়া, অসম ৰাইফলছৰ শীৰ্ষ বিষয়া, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়া, ভাৰতীয় খেল প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলৰ লগতে মেঘালয় চৰকাৰৰ অন্যান্য বিষয়াসকল উপস্থিত থাকিব ৷

লগতে পঢ়ক :আজিৰ ষ্টাৰ্ট আপ কালিলৈ মাল্টিনেশ্যনেল কোম্পানী : নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details