অসম

assam

ETV Bharat / sports

'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা - Lovlina Borgohain

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত ধিং এক্সপ্ৰেছ নামে খ্যাত স্বৰ্ণ কন্যা হিমা দাসৰ নাম । আনহাতে লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে মনোনীত অসম চৰকাৰৰ ।

Assam Govt Nominates Hima Das for Khel Ratna, Lovlina for Arjuna
Assam Govt Nominates Hima Das for Khel Ratna, Lovlina for Arjuna

By

Published : Jun 16, 2020, 2:07 PM IST

স্পৰ্টছ ডেস্ক, 16 জুনঃ হিমা দাস আৰু লাভলীনা বৰগোঁহাইৰ অনুৰাগীলৈ আহিছে এক সুঃখবৰ । অৰ্জুন বঁটা প্ৰাপ্ত হিমাদাসৰনাম মনোনীত কৰা হৈছে "2020 বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা"ৰ বাবে আনহাতে "2020 বৰ্ষৰ অৰ্জুন বঁটা"ৰ বাবে মনোনীত হৈছে লাভলীনা বৰগোঁহাই । অসম চৰকাৰৰ পৰা মনোনীত কৰা হৈছে দুয়োগৰাকী অসম কন্যাৰ নাম ।

2018 বৰ্ষত ফিনলেণ্ডত অনুষ্ঠিত হোৱা 20 বছৰৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ 400 মিটাৰ দৌৰত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল নগাঁও ধিং এক্সপ্ৰেছ নামৰ খ্যাত হিমা দাসে । ইয়াৰ পাচতেই জাকাৰ্টাত অনুষ্ঠিত অষ্টদশ এছিয়ান গেমছত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল হিমাই । সেই প্ৰতিযোগিতাত মহিলাৰ 4x400 মিটাৰ দৌৰত দুটাকৈ স্বৰ্ণ পদক লাভ কৰাৰ লগতে মিশ্ৰিত 4x400 মিটাৰ দৌৰত এটা ৰূপৰ পদক অৰ্জন কৰিছিল হিমা দাসে । এই সফলতাৰ পাচতেই 2018 বৰ্ষতঅজুন বঁটাৰে সন্মানিত কৰা হৈছিল হিমা দাসক ।

উল্লেখ্য় যে, যদি দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটা পাবলৈ সক্ষম হয় তেন্তে এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে বিবেচিত হ'ব হিমা দাস ।

অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই

আনহাতে অসম চৰকাৰৰ ফালৰ পৰা অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে 23 বছৰীয়া প্ৰতিভাৱান খেলুৱৈ লাভলীনা বৰগোঁহাইৰ নাম । অলিম্পিকলৈ কোৱালিফাই কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই । 2019 আৰু 2018 বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল এইগৰাকী প্ৰতিভাৱান বক্সাৰগৰাকীয়ে । আনহাতে 2017 বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপতো তেওঁৰ নামত আছে এটা ব্ৰঞ্জ পদকৰ সন্মান । এতিয়া অসমবাসীৰ কামনা এই সন্মান লাভ কৰি অসমলৈ আন এটা গৌৰৱ কঢ়িয়াই আনক এই দুই জীয়ৰীয়ে ।

ABOUT THE AUTHOR

...view details