গুৱাহাটী, 20 জানুৱাৰীঃবক্সিঙত স্বৰ্ণ পদক লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি অসম ? কিয়নো গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় সংস্কৰণ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বক্সিঙৰ ছেমি ফাইনেলত বিচাৰকৰ ভূমিকাক লৈ সন্তুষ্ট নহয় অসম বক্সিং দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকা । ছাই ফিল্ডত অনুষ্ঠিত হোৱা বক্সিং মেচত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপন কৰিছে অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই । বিচাৰকৰ ফলাফলত সন্দেহ প্ৰকাশ কৰিছে অসমৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে । অসমৰ মহিলা খেলুৱৈ মেৰী মৰাণৰ ক্ষেত্ৰত বিচাৰকৰ সকলে ভুল ফলাফল প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে অমৰ ডেকাই ।
পক্ষপাতৰ বলি হৈছে নেকি অসমৰ বক্সাৰ ! বিচাৰকৰ ভূমিকাত অসন্তুষ্ট প্ৰশিক্ষক - বিচাৰকৰ ভূমিকাত অসন্তুষ্ট অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকা
খেল’ ইণ্ডিয়াত বক্সিঙৰ বিচাৰকৰ ভূমিকাত মুঠেই সন্তুষ্ট নহয় অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক ৷ খেল’ ইণ্ডিয়াত পক্ষপাতৰ বলি হৈছে নেকি অসমৰ খেলুৱৈ সকল ? বিচাৰকৰ সিদ্ধান্তক লৈ সন্দেহ প্ৰকাশ মুখ্য প্ৰশিক্ষকৰ ।
হাৰিয়ানাৰ লগত হোৱা মেচখনত অসমৰ মেৰী মৰাণে খেলখনত জিকাৰ পিছতো মেৰীক ৫-০ ব্যৱধানত পৰাজিত ঘোষণা কৰাত আশ্চৰ্য্য প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক গৰাকীয়ে । অকল মেৰী মৰণৰ ক্ষেত্ৰতে নহয় অসমৰ কেইবাগৰাকী খেলুৱৈ বিচাৰকৰ ভুল ফলাফলৰ বলি হোৱা বুলিও জানিবলৈ দিয়ে অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷
উল্লেখ্য যে, খেল’ ইণ্ডিয়াৰ বক্সিঙৰ ছেমি ফাইনেলত অসমৰ মুঠ 19 গৰাকী পুৰুষ-মহিলা খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল । কিন্তু বৰ্তমানলৈকে অসমৰ কেৱল 4 গৰাকী খেলুৱৈয়ে স্বৰ্ণ পদকৰ বাবে ফাইনেললৈ উত্তীৰ্ণ হৈছে ৷ সেইয়েহে বিচাৰকৰ পক্ষপাতৰ ফলত অসমৰ স্বৰ্ণ লাভৰ সপোন বাস্তৱিত নোহোৱাৰে সন্দেহ প্ৰকাশ কৰিছে অসম বক্সিঙ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই ৷