কামৰূপ, 1 নৱেম্বৰ:আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত পুনৰ উজলিল অসমৰ তিনি সন্তান । লণ্ডনত অনুষ্ঠিত হোৱা দ্বাদশ ৱৰ্ল্ড মাৰ্শ্বিয়েল আৰ্টছ 2019 গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে অসমৰ তিনি সন্তানে ৷
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত অসমৰ তিনি সন্তানৰ সাফল্য - লণ্ডনত উজলিল অসমৰ তিনি সন্তান
লণ্ডনত উজলিল অসমৰ তিনি সন্তান । দ্বাদশ ৱৰ্ল্ড মাৰ্শ্বিয়েল আৰ্টছ গেমছত বুটলি আনিলে পদক ৷
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত অসমৰ তিনি সন্তানৰ সাফল্য
হোজাইৰ আব্দুল চামাদ লস্কৰে ব্ৰঞ্জ, যোৰহাটৰ প্ৰীতি চৰকাৰে ৰূপ আৰু ব্ৰঞ্জৰ লগতে নমস্যা বড়াই আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক । বিভিন্ন দেশৰ প্ৰতিযোগীৰ মাজত ভাৰতক প্ৰতিনিধিত্ব কৰি মুঠ চাৰিটা পদক আঁজুৰি আনে অসমৰ এই তিনি প্ৰতিভাৱান খেলুৱৈয়ে ৷
সুদূৰ লণ্ডনৰ পৰা শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অসমৰ তিনি গৌৰৱ । তিনিওগৰাকীক বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণী জনাই আত্মীয়ৰ লগতে শুভকাংশীসকলে ।