অসম

assam

By

Published : Mar 11, 2020, 3:51 AM IST

ETV Bharat / sports

অলিম্পিক কোৱালিফায়াৰ্ছ: ছেমিফাইনেলত থমকিল লাভলীনা, পংঘাল

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’লেও অলিম্পিক কোৱালিফায়াৰ্ছ মেচত ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আৰু অমিত পংঘাল ৷ ছেমিফাইনেলত পৰাস্ত দুয়ো ভাৰতীয় বক্সাৰ ৷

Lovlina Borgohain, Asian qualifiers: Lovlina-Amit end with bronze medals,
অলিম্পিক কোৱালিফায়াৰ্ছ: ছেমিফাইনেলত থমকিল লাভলীনা, পংঘাল

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ: অলিম্পিক কোৱালিফায়াৰ্ছ প্ৰতিযোগিতাৰ ছেমিফাইনেলত পৰাস্ত হ’ল অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই ৷ 69 কিলোগ্ৰাম শাখাত ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দী হং গুৰ হাতত পৰাস্ত হয় ভাৰতীয় বক্সাৰগৰাকী ৷ মেচখনত একপক্ষ ভাৱে ধৰাশায়ী হয় লাভলীনা ৷ 5-0 ব্যৱধানত পৰাস্ত হৈ টুৰ্ণামেণ্টখনত ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় খেলুৱৈগৰাকী ৷ অৱশ্যে দুইবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনাই 8 মাৰ্চত উজবেকিস্তানৰ মফতুনাখ’ন মেলীবাক পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লাভলীনা বৰগোঁহাই

লাভলীনাৰ লগতে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যোগ্যতা অৰ্জন কৰা অমিত পংঘালেও অলিম্পিক কোৱালিফায়াৰ্ছ প্ৰতিযোগিতাৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’বলগীয়া হয় ৷ ছেমিফাইনেলত পুৰুষৰ 52 কিলোগ্ৰাম শাখাত চীনৰ কে.হু জিয়ানগুৱানৰ হাতত 3-2 ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জ পদক লাভ কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৷ অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ খেলুৱৈক পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল অমিত পংঘালেও ৷

লগতে চাওক- টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ

ABOUT THE AUTHOR

...view details