স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ :এছিয়ান গেমছত ভাৰতৰ দপদপনি অব্যাহত আছে । মহিলাৰ এয়াৰ ৰাইফলছ দলৰ সফলতাৰ পাছত এইবাৰ ৰোয়িং প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শন ভাৰতীয় দলৰ । চমৎকাৰী আৰু দলীয় শক্তিশালী প্ৰদৰ্শনৰ বাবে ভাৰতীয় ৰোয়িং দলটোৱে হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত ০৫:৪৩.০১ সময়ৰ সৈতে পুৰুষৰ কক্সড এইট ফাইনেল ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে । পুৰুষৰ কক্সড এইট দলে ২০১৪ সংস্কৰণৰ পাছত আন এটা পদক লাভ কৰি এতিয়ালৈকে হাংঝৌত তৃতীয়টো ৰোয়িং পদক অৰ্জন কৰিছে ।
প্ৰতিযোগিতাৰ মাজভাগলৈ ভাৰত তৃতীয় স্থানত আছিল কিন্তু দ্বিতীয়াৰ্ধত এক শক্তিশালী প্ৰচেষ্টাৰ পাছত ভাৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । ৰূপৰ পদক লাভ কৰা ৰোয়িং দলটোত আছিল নীৰজ, নৰেশ কালৱানিয়া, নীতিশ কুমাৰ, চৰণজিৎ সিং, জচবিন্দৰ সিং, ভীম সিং, পুনিত কুমাৰ আৰু আশীষ । প্ৰতিযোগিতাটোত চীনে সোণৰ পদক লাভ কৰে ।