অসম

assam

ETV Bharat / sports

Asian Games 2023 : উদ্বোধনী মেচত বৃহৎ জয় ভাৰতীয় মহিলা হকী দলৰ - India gold medal in Asian games 2023

হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতৰ মহিলা হকী দলে উদ্বোধনী মেচত ছিংগাপুৰক পৰাস্ত কৰে ।

উদ্বোধনী মেচত বৃহৎ জয় ভাৰতীয় মহিলা হকী দলৰ
Asian Games 2023

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 3:42 PM IST

স্পৰ্টছ ডেস্ক, ২৭ ছেপ্টেম্বৰ :চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতীয় মহিলা দলৰ চমকপ্ৰদ প্ৰদৰ্শন । নিজৰ উদ্বোধনী মেচত ভাৰতৰ মহিলা হকী দলটোৱে ছিংগাপুৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰিছে । ভাৰতে মেচখনৰ চাৰিওটা কোৱাৰ্টাৰৰ অন্তত এটাও গ'ল নিজৰ পক্ষত হ'ব নিদিয়াকৈ ছিংগাপুৰক ১৩ গ'লত পৰাস্ত কৰে ।

আনহাতে, চলিত এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতৰ দপদপনি অব্যাহত আছে । এই জয়যাত্ৰ অব্যাহত ৰাখি পুৰুষৰ স্কীট দলটোৱে বুধবাৰে ব্ৰঞ্জৰ পদক লাভ কৰে ।

অঙ্গদ বীৰ সিং বাজৱা, গুৰজোৱাত খাংগুৰা আৰু অনন্ত জিৎ সিং নাৰুকাৰ ভাৰতীয় দলে মুঠ ৩৫৫ পইণ্ট লাভ কৰি তৃতীয় স্থান দখল কৰে ।

ইয়াৰ পূৰ্বে ভাৰতীয় শ্বুটাৰ ছিফ্ট কৌৰ সামৰাই বিশ্ব ৰেকৰ্ড আৰু গেম ৰেকৰ্ড শ্বট অৰ্জন কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বুধবাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩পি ব্যক্তিগত ফাইনেলত আশী চৌকছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

ছিফ্ট সামৰাই কেৱল সোণৰ পদক অৰ্জন কৰাই নহয়, বিশ্ব অভিলেখ, এছিয়ান অভিলেখ আৰু এছিয়ান গেমছৰ অভিলেখো ভংগ কৰে । পূৰ্বৱৰ্তী বিশ্ব অভিলেখ গ্ৰেট ব্ৰিটেইনৰ দখলত আছিল । আনহাতে, এছিয়ান ৰেকৰ্ড চীনৰ দখলত থকাৰ বিপৰীতে এছিয়ান গেমছৰ ৰেকৰ্ড আছিল মঙ্গোলিয়াৰ দখলত ।

আনহাতে, ১৯ সংখ্যক এছিয়ান গেমছত মহিলাৰ দলীয় ২৫ মিটাৰ পিষ্টল ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে লাভ কৰে স্বৰ্ণ পদক ৷ বুধবাৰে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ২৫ মিটাৰ পিষ্টল দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনি ভাৰতীয় মনুভাকেৰ, এছা সিং আৰু ৰিদম চাংৱানে স্বৰ্ণ পদক লাভ কৰে ।

লগতে পঢ়ক :Asian Games 2023: পুনৰ দেশলৈ আন এটা স্বৰ্ণ পদক, মহিলাৰ দলীয় 25 মিটাৰ পিষ্টল ইভেণ্টত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়

ABOUT THE AUTHOR

...view details