অসম

assam

ETV Bharat / sports

Asian Games 2023: ৰোয়িং শিতানত এটাৰ পাছত আন এটা পদক ভাৰতৰ - India got 10 medal in Asian Games

আশীষ কুমাৰ, ভীম সিং, জছবিন্দৰ সিং আৰু পুনিত কুমাৰক লৈ গঠিত ভাৰতীয় ৪ জনীয়া ৰোয়িং দলে ব্ৰঞ্জৰ পদক লাভ কৰে । ৰোয়িঙত ভাৰতৰ এয়া চতুৰ্থটো পদক ।

Asian Games 2023
ৰোয়িং শিতানত এটাৰ পাছত আন এটা পদক ভাৰতৰ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 12:35 PM IST

স্পৰ্টছ ডেস্ক,২৫ ছেপ্টেম্বৰ :এছিয়ান গেমছত ভাৰতৰ এটাৰ পাছত আন এটা পদক লাভ । সোমবাৰে এছিয়ান গেমছত পুৰুষৰ ৰোয়িং দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে । ফাইনেলত আশীষ কুমাৰ, ভীম সিং, জছবিন্দৰ সিং আৰু পুনিত কুমাৰক লৈ গঠিত ভাৰতীয় ৪ জনীয়া ৰোয়িং দলটো ব্ৰঞ্জৰ পদক লাভ কৰে । ৬:১০.৮১ সময়ৰ ব্যৱধানত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে । ৰোয়িঙৰ শিতানত চীনৰ দলটোৱে ৰূপৰ পদক লাভ কৰে আৰু উজবেকিস্তানে সোণৰ পদক লাভ কৰে ।

ৰোয়িঙৰ শিতানত এইটো ভাৰতৰ চতুৰ্থ পদক । সোমবাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত পুৰুষৰ একক স্কুলছ ইভেণ্টৰ ফাইনেলত ভাৰতীয় ৰোয়িং খেলুৱৈ বলৰাজ পানৱাৰে চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় । সোণৰ পদক চীনৰ লিয়াং ঝাং আৰু ৰূপৰ পদক ৰিয়ুটা আৰাকাৱাই লাভ কৰে । আনহাতে ব্ৰঞ্জৰ পদক হংকঙৰ চুন হিন চিউয়ে লাভ কৰে ।

ইয়াৰ পূৰ্বে, অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙে দেওবাৰে পুৰুষৰ ৰোয়িং লাইটৱেট ডাবল স্কলছৰ ফাইনেলত ৰূপৰ পদক লাভ কৰে । ইফালে এই ইভেণ্টত চীনে সোণৰ পদক লাভ কৰে ।

দেওবাৰে পুৰুষৰ দ্বৈত ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰি চলিত এছিয়ান গেমছত লেখ ৰাম আৰু বাবু লাল যাদৱে ভাৰতৰ দ্বিতীয়টো ৰোয়িং পদক অৰ্জন কৰে । হংকং আৰু উজবেকিস্তানে ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে । ইফালে শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে দেওবাৰে হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত পুৰুষৰ কক্সড এইটৰ চূড়ান্ত প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰে আৰু ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই আনে । ভাৰতে এতিয়ালৈকে এছিয়ান গেমছত ১০ টা পদক লাভ কৰিছে । য'ত অন্তৰ্ভুক্ত আছে ১ টা সোণ, ৩ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ ।

লগতে পঢ়ক :Asian Games 2023: 19 সংখ্যক এছিয়ান গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ABOUT THE AUTHOR

...view details