অসম

assam

ETV Bharat / sports

Asian Games 2023: নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়; ভাৰতৰ নামত ১৮ টা সোণৰ পদক - golden glory to the Indian contingent

পূৰ্বতকৈ এছিয়ান গেমছত প্ৰদৰ্শন উন্নত হৈছে ভাৰতীয় খেলুৱৈৰ ৷ এইবাৰ ভাৰতে বৰ্তমানলৈকে ১৮ টা সোণৰ পদকসহ মুঠ ৮১ টা পদক অৰ্জন কৰিছে ৷

asian games latest news
asian games updates

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:59 PM IST

স্প’ৰ্টছ ডেস্ক, ৪ অক্টোবৰ: ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত হোৱা শেষ সংস্কৰণৰ পৰা বহু উন্নত প্ৰদৰ্শনেৰে ভাৰতে চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছৰ চলিত সংস্কৰণত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় দলটোৰ বাবে বুধবাৰটো আছিল আটাইতকৈ বিশেষ দিন । খেলুৱৈসকলে স্বৰ্ণ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰি এই দিনটোক স্মৰণীয় কৰি তুলিলে ৷ সন্মানীয় গেমছৰ ইতিহাসত এয়া ভাৰতৰ সৰ্বাধিক পদক সংখ্যা ।

পূৰ্বৰ এছিয়ান গেমছৰ পদক সংখ্যাত ভাৰতে মুঠ ৭০ টা পদক অৰ্জনেৰে কৰি অষ্টম স্থান লাভ কৰিছিল । এইবাৰ ভাৰতে মুঠ পদকৰ ক্ষেত্ৰত নিজকে উন্নীত কৰাই নহয়, সোণৰ পদকৰ সংখ্যাও বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷

চলি থকা এছিয়ান গেমছৰ সময়ত নিজ নিজ ইভেণ্টত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে গোল্ডেন বয় আৰু তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা আৰু ভাৰতৰ ৪x৪০০ পুৰুষৰ ৰিলে দলে স্বৰ্ণ পদকৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ভাৰতীয় দলটোলৈ সোণৰ গৌৰৱ কঢ়িয়াই আনে যদিও হংঝৌত চলি থকা এছিয়ান গেমছৰ সময়ত পুৰুষৰ জেভেলিন থ্ৰ’ৰ ফাইনেলতো তেওঁ এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল । ৮৯ মাৰ্কৰ ওচৰত আঘাত কৰা যেন দেখা দিয়াৰ পিছত নীৰজ চোপ্ৰাই তেওঁৰ প্ৰথমটো থ্ৰ’ চিষ্টেমৰ পৰা মচি পেলোৱা দেখা যায় ।

এই প্ৰচেষ্টাৰ পিছত ভাৰতীয় খেলুৱৈগৰাকীয়ে পুনৰ জিৰণিৰ ঠাইলৈ খোজ কাঢ়ি গৈছিল যদিও তেওঁক সোনকালে থ্ৰ’টো পুনৰ ল’বলৈ কোৱা হ’ল । নীৰজে দূৰত্বৰ হিচাপ ব’ৰ্ডত চিহ্নিত হোৱালৈ অপেক্ষা কৰিলে কিন্তু কেইমিনিটমান অপেক্ষা কৰাৰ পিছতো সেয়া নহ’ল ।

কিছু মুহূৰ্তৰ বাবে অনুষ্ঠানটো স্থগিত ৰখাত নীৰজ চোপ্ৰাই ৰেফাৰীৰ ওচৰলৈ গৈ পৰিস্থিতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে । ৰেফাৰীয়ে তেওঁক ইভেণ্টৰ বিষয়ে বুজাই দিয়াৰ সময়ত ভাৰতীয় খেলুৱৈগৰাকীক বিভ্ৰান্ত যেন লাগিছিল ।

কেইমিনিটমান বিবেচনাৰ অন্তত ভাৰতীয় তাৰকা খেলুৱৈগৰাকীক নিজৰ থ্ৰ’ পুনৰ ল’বলৈ কোৱা হয় আৰু তেওঁ ফ্ৰেছ থ্ৰ’ত ৮২.৩৮ মিটাৰ দূৰত্ব পঞ্জীয়ন কৰে যিটো তেওঁৰ প্ৰথম বৈধ থ্ৰ’ও আছিল ।

ভাৰতীয় দলটোৰ বাবে এতিয়ালৈকে শ্বুটিং হৈছে আটাইতকৈ ফলপ্ৰসূ ইভেণ্ট ৷ কাৰণ শ্বুটাৰসকলে ৭ টা সোণৰ পদক লাভ কৰিছে । এথলেটিকছ আন এক ইভেণ্ট যিটো ভাৰতীয় দলটোৰ বাবে চমৎকাৰ হৈ পৰিছে আৰু এতিয়ালৈকে ছটা সোণৰ পদক লাভ কৰিছে ।

এই শাখাসমূহৰ উপৰিও ধনুৰ্বিদ, ক্ৰিকেট আৰু অশ্বাৰোহীয়েও চলি থকা এছিয়ান গেমছত দেশৰ বাবে স্বৰ্ণ পদক লাভ কৰে । মুঠতে দেশখনে মুঠ ১০০ পদকৰ লক্ষ্যৰ কাষ চাপিছে আৰু খেলুৱৈসকলৰ অবিৰত সোণৰ দৌৰ চিৰদিনৰ বাবে স্মৰণীয় হৈ ৰ’ব৷

ভাৰতে মল্লযুঁজত প্ৰথমটো পদক লাভ কৰে, সুনীল কুমাৰৰ সৌজন্যত স্বৰ্ণ আৰু এই শাখাৰ পৰাও অসংখ্য পদক লাভ কৰাৰ আশা কৰা হৈছে । ইয়াৰ উপৰিও হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ পিছত পদকৰ আশা কৰা হৈছে ।

ভাৰতে এই পৰ্যন্ত ১৮টা স্বৰ্ণ, ৩১টা ৰূপ আৰু ৩২টা ব্ৰঞ্জৰ পদক (মুঠ ৮১টা পদক) লাভ কৰিছে । ইয়াৰ পূৰ্বে ভাৰতে ২০১৮ চনৰ গেমছত ১৫ টা আৰু ১৯৫১ চনত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছত ১৫ টা সোণৰ পদক লাভ কৰিছিল । স্বৰ্ণ পদকৰ কথা ক’বলৈ গ’লে ভাৰতৰ আটাইতকৈ বেয়া প্ৰদৰ্শন আছিল ১৯৯০ চনত চীনত অনুষ্ঠিত বেইজিং গেমছত, যেতিয়া দেশখনে এটাহে স্বৰ্ণ পদক লাভ কৰিছিল ।

লগতে পঢ়ক:Asian Games 2023 : দক্ষিণ কোৰিয়াক পৰাস্ত কৰি হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ দল

ABOUT THE AUTHOR

...view details