স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ: হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলৰ এছিয়ান গেমছত চমকপ্ৰদ সাফল্য ৷ ফাইনেলত প্ৰতিদ্বন্দী জাপানক হৰুৱাই সোণৰ পদক অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ ৷ 5-1 গলৰ ব্যৱধানক ভাৰতে পৰাস্ত কৰে জাপানক ৷ এইটো সোণৰ পদকৰ সৈতে ভাৰতে বৰ্তমানলৈকে এছিয়ান গেমছত অৰ্জন কৰিলে মুঠ 95 টা পদক ৷ ইয়াৰ ভিতৰত আছে 22 টা সোণৰ পদক ৷ এয়া হৈছে এছিয়ান গেমছত ভাৰতৰ এক অনন্য অভিলেখ ৷
মনপ্ৰীত সিঙে সুন্দৰ আৰম্ভণিৰে এটা ৰিভাৰ্ছ হিটৰ জৰিয়তে প্ৰথমটো গল কৰে ৷ খেলৰ আম্পায়াৰে গলটোৰ শুদ্ধতা পৰীক্ষণ কৰে আৰু অৱশেষত এইটো গল বুলি নিশ্চিত কৰে ৷ ভাৰতৰ হৈ দ্বিতীয়টো গল কৰে হৰমনপ্ৰীত কৌৰে ৷ এটা পেনাল্টি কৰ্ণাৰক সুন্দৰভাৱে গললৈ ৰূপান্তৰ কৰে অধিনায়ক হৰমনপ্ৰীতে ৷
তাৰ পিচত অমিত ৰোহিদাসে আন এটা পেনাল্টি ক’ৰ্ণাৰ সুন্দৰভাৱে মাৰি পঠিয়াই গললৈ ৷ ফলত 3-0 গলত আগবাঢ়ি থাকে ভাৰত ৷ অভিষেকে 9 মিনিট বাকী থকা অৱস্থাত চতুৰ্থটোল গল কৰে ভাৰতৰ হৈ ৷ ইফালে জাপানৰ টানাকা ছেৰেনে দলটোৰ হৈ একমাত্ৰ গলটো কৰে ৷ পঞ্চমটো গলেৰে ভাৰতক এক চমকপ্ৰদ বিজয় উপহাৰ দিয়ে অধিনায়ক হৰমনপ্ৰীত কৌৰে ৷