স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ:72 বছৰৰ মূৰতশ্বট পুটত দেশে পাবলৈ সক্ষম হ’ল পদক ৷শুকুৰবাৰে হাংঝু অলিম্পিক স্প’ৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত এছিয়ান গেমছ 2023 ত মহিলাৰ শ্বট পুটত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে এথলেটিকছ কিৰণ বালিয়ানে ৷ 1951 চনৰ পিছত অৰ্থাৎ 72 বছৰৰ পাছত ভাৰতে এই ইভেণ্টত লাভ কৰে পদক ।
কিৰণ বালিয়ানৰ আছিল সেয়া তৃতীয়টো প্ৰচেষ্টা যিটো এতিয়া তেওঁৰ কেৰিয়াৰৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’ হিচাবে বিবেচিত হৈছে ৷ 17.36 মিটাৰ দূৰত্বলৈ শ্বট দলিয়াই তৃতীয় স্থান দখল কৰাৰ লগতে প্ৰথম ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে বালিয়ানে । মহিলাৰ শ্বট পুটত বহু ভাৰতীয় মহিলা খেলুৱৈয়ে পদক লাভ কৰা নাই যদিও 2018 চনত জাকাৰ্টাত অনুষ্ঠিত এই ইভেণ্টত তেজিন্দৰপাল সিং টুৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
শুকুৰবাৰে কিৰণ বালিয়ানে 17.36 মিটাৰ দূৰত্বলৈ লোহাৰ বল নিক্ষেপ কৰি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে 19.58 মিটাৰলৈ দলিয়াই সোণৰ পদক লাভ কৰে চীনৰ লিজিয়াও গঙে ৷ আনহাতে, চীনা সতীৰ্থ জিয়ায়ুয়ানে 18.92 মিটাৰলৈ বল নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে । 24 বছৰীয়া কিৰণে 15.42 ৱাৰ্মআপ থ্ৰ’ৰে আৰম্ভণি কৰিছিল আৰু তাৰ পিছত 16.84 মিটাৰ অতিক্ৰম কৰি বল নিক্ষেপ কৰিছিল । তৃতীয় প্ৰচেষ্টাত 17.36 লৈ থ্ৰ’ কৰিছিল যদিও পৰৱৰ্তী সময়ত উন্নত প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে ৷ অন্য ৰাউণ্ডবোৰত 16.76 মিটাৰ, 16.79 আৰু 16.87 মিটাৰ দূৰত্বলৈ বল নিক্ষেপ কৰিছিল ভাৰতীয় খেলুৱৈ বালিয়ানে ।
উল্লেখ্য যে, চীনৰ লিজিয়াও গঙে একেৰাহে তৃতীয়বাৰৰ বাবে এছিয়ান গেমছত সোণৰ পদক লাভ কৰে ।
লগতে পঢ়ক:Asian Games 2023 : এছিয়ান গেমছৰ পদক বিজয়ী মেহুলি ঘোষ আৰু বিজয়বীৰ সিদ্ধুৰ সৈতে বিশেষ সাক্ষাৎকাৰ