স্পৰ্টছ ডেস্ক, 7 মাৰ্চ: শনিবাৰে এছিয়ান অলিম্পিক যোগ্যতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ অমিত পংঘালে ৷ 52 কিলোগ্ৰাম শাখাত 3-2ৰ ব্যৱধানত মংগোলীয়ৰ ইনখ্মানডাখ খাৰখুও (Enkhmandakh Kharkhuu) ক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷ মেচখনত 30-27, 29-28, 28-29, 28-29, 29-28ৰ ব্যৱধানত জয়ী হয় পংঘাল ৷
পৰৱৰ্তী মেচত 2019 বৰ্ষৰ দক্ষিণ-পশ্চিম এছিয়ান গেমছৰ ফিলিপাইনৰ স্বৰ্ণ জয়ী কাৰ্ল’ পালামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় বক্সাৰগৰাকী ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত জয় লাভ কৰিলেই 2020ত জাপানত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব অমিত পংঘাল ৷