অসম

assam

ETV Bharat / sports

India vs Pakistan: ভাৰত-পাকিস্তানৰ খেলত বৰষুণৰ বিধি-পথালি; ৰিজাৰ্ভ ডে’ত পুনৰ আৰম্ভ হ’ব খেল - India vs Pakistan

এছিয়া কাপ 2023ৰ ছুপাৰ ফ’ৰৰ তৃতীয়খন মেচত দেওবাৰে মুখামুখি হৈছে ভাৰত-পাকিস্তান ৷ কলম্বোৰ আৰ. প্ৰেমাদাসা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলত টছত জিকি পাকিস্তানে ভাৰতক প্ৰথম বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ বৰষুণে বিধি-পথালি দিয়াত এই খেল সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব ৷

Asia Cup 2023
ভাৰতৰ মুখামুখি পাকিস্তান

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 3:50 PM IST

Updated : Sep 10, 2023, 9:52 PM IST

স্পৰ্টছ ডেস্ক, 10 ছেপ্টেম্বৰ: শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা এছিয়া কাপ 2023ৰ ছুপাৰ ফ’ৰৰ তৃতীয়খন মেচত দেওবাৰে মুখামুখি হৈছে ভাৰত-পাকিস্তান ৷ কলম্বোৰ আৰ. প্ৰেমাদাসা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলত টছত জিকি পাকিস্তানে ভাৰতক প্ৰথম বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ কিন্তু বৰ্ষা বিঘ্নিত এই খেলখন সাময়িকভাৱে স্থগিত ৰখাৰ বাবে ৰিজাৰ্ভ ডে’ অৰ্থাৎ সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব ৷

বৰ্ষা বিঘ্নিত এই খেলত নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে 2টা উইকেট হেৰুৱা 24.1 অভাৰত সংগ্ৰহ কৰিছে 147 ৰাণ ৷ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই 49 টা বলত 56 ৰাণ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে শুভমন গীলে 52 টা বলত 58 ৰাণ কৰি আউট হয় ৷

বৰ্তমান ক্ৰীজত বিৰাট কোহলীয়ে 16 টা বলত 8 ৰাণ কৰাৰ বিপৰীতে কে.এল ৰাহুলে 28 টা বলত 17 ৰাণ কৰি খেলি আছে ৷

চলিত এছিয়া কাপত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ মুখামুখি হৈছে ৷ পূৰ্বৰ খেলখনৰ দৰে এইবাৰো যাতে বৰষুণে বাধা দিব নোৱাৰে তাৰ বাবে সোমবাৰৰ দিনটো 'ৰিজাৰ্ভ'ত ৰখা হৈছে ৷ উল্লেখ্য যে, এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বিঘ্নিত হৈছিল ৷ যাৰ বাবে অমীমাংসীত ৰূপে সমাপ্ত হৈছিল খেলখন ৷

ভাৰতৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, কে এল ৰাহুল, ইশান কিশন (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, জছপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

পাকিস্তান প্লেয়িং ১১ : বাবৰ আজম (অধিনায়ক), ছাদ্দাব খান (উপ-অধিনায়ক), ইমাম-উল-হক, ফখৰ জামান, চলমান আঘা, ইফতিখাৰ আহমেদ, মহম্মদ ৰিজৱান (উইকেটকিপাৰ), ফাহিম আশ্ৰফ, নাছিম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদী, হাৰিছ ৰৌফ ।

লগতে পঢ়ক :India vs Pakistan 2023 : পুনৰ সমুখ সমৰত ভাৰত আৰু পাকিস্তান

Last Updated : Sep 10, 2023, 9:52 PM IST

ABOUT THE AUTHOR

...view details