অসম

assam

ETV Bharat / sports

আৰ্ছাৰী বিশ্ব কাপত ভাৰতীয় খেলুৱৈৰ বিজয় ধাৰা অব্যাহত - Abhishek Barma got gold medal in Archery world cup

পেৰিছত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত দীপিকা কুমাৰী আৰু অতনু দাসৰ দলে ৰিকাৰ্ভ আৰ্চাৰীৰ দ্বৈত(মিক্সড) শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । অভিষেক বাৰ্মাই একক শাখাত দ্বিতীয়টো স্বৰ্ণ অৰ্জন কৰি বিশ্বকাপত ভাৰতীয় খেলুৱৈৰ পদকৰ তালিকাত সোণৰ পদক লাভৰ ধাৰা আৰম্ভ কৰিছিল ।

Archery
আৰ্ছাৰী বিশ্ব কাপত ভাৰতীয় খেলুৱৈৰ বিজয় ধাৰা অব্যাহত

By

Published : Jun 27, 2021, 7:31 PM IST

স্প’ৰ্টছ ডেস্ক, ২৭ জুন :বিদেশত ভাৰতীয় খেলুৱৈৰ জয় যাত্ৰা অব্যাহত আছে । এইবাৰ বিদেশত পুনৰ উজলিল ভাৰতীয় খেলুৱৈ । দেওবাৰে পেৰিছত বিজয়ৰ ধাৰা অব্যাহত ভাৰতীয় দুই আৰ্চাৰী খেলুৱৈয়ে । দীপিকা কুমাৰী আৰু অতনু দাসৰ দলে পেৰিছত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ৰিকাৰ্ভ আৰ্চাৰীৰ দ্বৈত(মিক্সড) শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ভাৰতীয় দলটোৱে নেডাৰলেণ্ডৰ যুটি গেব্ৰিয়েলা স্ক্লেচাৰ আৰু জেফ ভান ডেন বাৰ্গক (Sjef Van Den Berg) ৫-৩ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় । ইয়াৰ লগে লগে দীপিকা আৰু অতনুৰ যুটিয়ে মিক্সড ডাবলছ শাখাত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সহজ হৈ পৰে । ভাৰতীয় খেলুৱৈৰ এই সফলতাত আনন্দিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (Sports Authority of India) । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টুইটযোগে এই সুখবৰ শ্বেয়াৰ কৰাৰ লগতে দুয়োগৰাকী ভাৰতীয় খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে ।

দিনটোৰ আৰম্ভণিতে দীপিকা কুমাৰী, ক’মলিকা বাৰী আৰু অংকিতা ভকতক লৈ গঠিত ভাৰতৰ মহিলা ৰিকাৰ্ভ দলে সোণৰ পদক অৰ্জন কৰে । দলটোৱে ফাইনেলত মেক্সিকোক ৫-১ পইণ্টত পৰাস্ত কৰি চলিত বছৰটোৰ দ্বিতীয়টো সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে শনিবাৰে অভিষেক বাৰ্মাই একক শাখাত দ্বিতীয়টো স্বৰ্ণ অৰ্জন কৰি বিশ্বকাপত ভাৰতীয় খেলুৱৈৰ পদকৰ তালিকাত সোণৰ পদক লাভৰ ধাৰা আৰম্ভ কৰিছিল ।

খেলুৱৈগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিছ শ্বাফক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ দিনটোৰ অন্তত দীপিকা কুমাৰীয়ে ৰিকাৰ্ভৰ একক শাখাত পদক লাভৰ বাবে যুঁজ অব্যাহত ৰাখিছে । একক শাখাত খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক লাভৰ আশা সজীৱ কৰি তুলিছে ৷ খেলুৱৈসকলৰ এই সফলতাই আনন্দিত কৰি তুলিছে দেশবাসীক ।

লগতে পঢ়ক :বিশ্ব অলিম্পিক দিৱস: বিভিন্নজনে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details