স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ : সোমবাৰে ভাৰতীয় জেভলিন থ্ৰ'ৱাৰ অন্নু ৰানীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ 62.43 মিটাৰ জেভলিন থ্ৰ'ৰ জৰিয়তে ৰানীয়ে প্ৰতিযোগিতাখনৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়াৰ লগতে খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ অন্নু ৰানীৰ
সোমবাৰে ভাৰতীয় জেভলিন থ্ৰ'ৱাৰ অন্নু ৰানীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ 62.43 মিটাৰ জেভলিন থ্ৰ'ৰ জৰিয়তে ৰানীয়ে প্ৰতিযোগিতাখনৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
অন্নু ৰানী
কোৱালিফায়িং ৰাউণ্ডত 5 সংখ্যক স্থান দখলেৰে ভাৰতীয় এথলীটগৰাকীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰে ৷
ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়েও টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে যে, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ মহিলা শাখাৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে অন্নু ৰানী ৷ লগতে 62.43 মিটাৰ থ্ৰ'ৰ জৰিয়তে অন্নুয়ে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈও সক্ষম হৈছে বুলি মন্তব্য কৰে ৰিজিজুয়ে ৷