অসম

assam

ETV Bharat / sports

স্বৰ্ণ জয়ৰ আশাৰে দেওবাৰে ৰিঙত নামিব অংকুশিতা - স্বৰ্ণ জয়ৰ আশাৰে দেওবাৰে ৰিঙত নামিব অংকুশিতা

দেওবাৰৰ পৰা তৃতীয় খেল' ইণ্ডিয়া য়ুথ গেমছত স্বৰ্ণ আৰু ৰূপৰ পদকৰ বাবে বক্সিঙ ৰিঙত নামিব বক্সাৰ সকল । দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমৰ বক্সাৰ সকলেও নামিব ৰিঙত । ইতিমধ্যে শুকুৰবাৰ পৰ্যন্ত অসমৰ ৩৪ গৰাকী পুৰুষ-মহিলা বক্সাৰৰ ভিতৰত ১৫ গৰাকী বক্সাৰে ছেমি ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে ।

Ankushita Bodo will play on Saturday at KIYG
স্বৰ্ণ জয়ৰ আশাৰে দেওবাৰে ৰিঙত নামিব অংকুশিতা

By

Published : Jan 18, 2020, 8:49 PM IST

গুৱাহাটী,18 জানুৱাৰীঃ তৃতীয় খেল' ইণ্ডিয়া য়ুথ গেমছত দেওবাৰে ছেমি ফাইনেলৰ বাবে বক্সিঙ ৰিঙত নামিব অসমৰ প্ৰতিভাবান মহিলা বক্সিঙ খেলুৱৈ অংকুশিতা বড়ো । অংকুশিতাই স্বৰ্ণ পদক লাভ কৰিব বুলি দৃঢ় বিশ্বাসী অসমৰ মুখ্য বক্সিঙ প্ৰশিক্ষক অমৰ ডেকা ।

দেওবাৰৰ পৰা তৃতীয় খেল' ইণ্ডিয়া য়ুথ গেমছত স্বৰ্ণ আৰু ৰূপৰ পদকৰ বাবে বক্সিঙ ৰিঙত নামিব বক্সাৰ সকল । দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমৰ বক্সাৰ সকলেও নামিব ৰিঙত । ইতিমধ্যে শুকুৰবাৰ পৰ্যন্ত অসমৰ ৩৪ গৰাকী পুৰুষ-মহিলা বক্সাৰৰ ভিতৰত ১৫ গৰাকী বক্সাৰে ছেমি ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে । শনিবাৰেও কেইবাগৰাকী বক্সাৰে ছেমি ফাইনেলৰ বাবে ৰিঙত নামে । ছেমি ফাইনেলত অসমৰ বক্সাৰ সকলৰ ভিতৰত অংকুশিতা বড়োৰ ওপৰত দৃষ্টি থাকিব ক্ৰীড়াপ্ৰেমী অসমবাসী ৰাইজৰ । অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাৰ দৃঢ় বিশ্বাস অংকুশিতাই নিৰাশ নকৰে অসমবাসী ৰাইজক ।

স্বৰ্ণ জয়ৰ আশাৰে দেওবাৰে ৰিঙত নামিব অংকুশিতা

উল্লেখ্য যে, ভাৰতীয় বক্সিঙ জগতত ইতিমধ্যে শিৱ থাপা আৰু লাভলীনা বুঢ়াগোহাঁইৰ নিচিনা বক্সাৰে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ বক্সিঙ জগতক দেশবাসীৰ আগত প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক-অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

ABOUT THE AUTHOR

...view details