স্পৰ্টছ ডেস্ক,২৯ অক্টোবৰ :ক্ৰীড়া আৰু খেলুৱৈৰ প্ৰতি থকা সমৰ্থন আৰু শ্ৰদ্ধা পুনৰ এবাৰ প্ৰমাণ কৰিলে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই । পূৰ্বৰ দৰে এইবাৰো আনন্দ মহিন্দ্ৰাই ক্ৰীড়া প্ৰতিভাক সন্মান জনোৱা দেখা গৈছে । এছিয়ান পেৰা গেমছত নিজৰ প্ৰতিভাৰে দেশবাসীক গৌৰৱান্বিত কৰা আৰ্চাৰ শীতল দেৱীক আনন্দ মহিন্দ্ৰাৰ এখন বিশেষ বাহন উপহাৰ । খেলুৱৈগৰাকীক তেওঁৰ কোম্পানীৰ যিকোনো এখন বাহন বাছনি কৰিবলৈ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই । আনহাতে পেৰা ক্ৰীড়াবিদগৰাকীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাহনখন ম'ডিফাই বা সংশোধন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষই ।
উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত এছিয়ান পেৰা গেমছত আৰ্চাৰ শীতল দেৱীয়ে বিভিন্ন শ্ৰেণীৰ আৰ্চাৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ ৩টা পদক (দুটা সোণ, এটা ৰূপ) অৰ্জন কৰে । খেলুৱৈগৰাকীৰ প্ৰতিভা আৰু পৰিশ্ৰমত মুগ্ধ হৈ আনন্দ মহিন্দ্ৰাই সামাজিক মাধ্যমত শীতলৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰে ।
ভিডিঅ'টো শ্বেয়াৰ কৰি মহিন্দ্ৰাই কয় যে তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস । জীৱনত অহা সমস্যাবোৰ উল্লেখ নকৰাকৈয়ে শীতলে যিধৰণে পদক অৰ্জন কৰিছে সেয়া দেখি মুগ্ধ হৈ পৰিছে মহিন্দ্ৰা । দুয়োখন হাত নথকা স্বত্বেও আৰ্চাৰ শীতল দেৱীয়ে দুটা সোণৰ পদক লাভ কৰি অভিলেখ গঢ়িছে । মহিলাৰ ব্যক্তিগত শ্ৰেণীৰ ফাইনেলত তেওঁ আলিম শ্বাহিদাক পৰাস্ত কৰে আৰু স্বৰ্ণ জয় কৰে আৰু যুটীয়া দলতো তেওঁ সোণৰ পদক লাভ কৰে ।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ এই আৰ্চাৰগৰাকী একেখন খেলতে দুটা সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ইফালে আৰ্চাৰ শীতল দেৱীয়ে মহিলাৰ ডাবলছত ৰূপৰ পদক লাভ কৰে ।
সচৰাচৰ আৰ্চাৰসকলে এখন হাতেৰে ধনু ধৰি আনখন হাতেৰে কাড়বোৰ মাৰি পঠিয়ায় । কিন্তু শীতল পেৰা খেলুৱৈ আৰু তেওঁ দুখন হাত অবিহনে কাড় নিক্ষেপ কৰে । দুখন হাত হেৰুওৱা স্বত্বেও জম্মু-কাশ্মীৰৰ এই খেলুৱৈগৰাকীয়ে ভৰি ব্যৱহাৰ কৰি পদক লাভ কৰিছে ।