স্পৰ্টচ ডেস্ক, ৫ আগষ্ট: অসমৰ দৌৰবিদ অম্লান বৰগোহাঁইৰ আন এক অভিলেখ ৷ পূৰ্বৰ নিজৰে অভিলেখ ভংগ কৰি পুনৰ আন এক অভিলেখ গঢ়িলে অম্লান বৰগোহাঁইয়ে ৷ চীনৰ চেংডুত অনুষ্ঠিত হোৱা বিশ্ব বিশ্ববিদ্যালয় গেমছত এই অভিলেখ সৃষ্টি কৰিলে অসম সন্তান অম্লান বৰগোহাঁইয়ে ৷ শুকুৰবাৰে অনুষ্ঠিত পুৰুষৰ ২০০ মিটাৰ এছএফ ২ ত অম্লান বৰগোহাঁইৰ এই সফলত লাভ কৰে ৷ মাত্ৰ ২০.৫৫ছেকেণ্ডৰ ভিতৰত ২০০ মিটাৰ দৌৰ সম্পন্ন কৰে অম্লানে ৷ তৃতীয় স্থানেৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় এথলেটিকছগৰাকী ৷
ইয়াৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ হিচাপে পৰিগণিত হৈছে অসম সন্তান অম্লান বৰগোহাঁই ৷ কেৰিয়াৰৰ তৃতীয়বাৰৰ বাবে এই অভিলেখৰ পাচত এছিয়া চেম্পিয়নগেমছৰ বাবে পথ মুকলি হ’ল খেলুৱৈ গৰাকীৰ বাবে ৷ অসম সন্তান দৌৰবিদ অম্লান বৰগোহাঁইৰ সফলতাৰ পাচতে সকলোৱে খেলুৱৈগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে ৷ ইয়াৰ পূৰ্বে ২০১৯ চনত ১০০ মিটাৰ ভাৰতৰ হৈ বিশ্ব বিশ্ববিদ্যালয় গেমছত স্বৰ্ণৰ জয়েৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল দুতি চান্দে ৷