স্পৰ্টছ ডেস্ক, 20 চেপ্তেম্বৰ : বিশ্ব বক্সিং চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছতে অভিলেখৰ অধিকাৰী হৈছে অমিত পাংঘাল ৷ ছেমি ফাইনেলৰ 52 কে.জি. শাখাত ছাকেন বিবোচিনোভক পৰাস্ত কৰাৰ পাছতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় অমিত পাংঘাল ৷
বিশ্ব বক্সিং চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় অমিত পাংঘাল - ছাখোবিদিন জৈৰভ
বিশ্ব বক্সিং চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছতে অভিলেখৰ অধিকাৰী হৈছে অমিত পাংঘাল ৷ ছেমি ফাইনেলৰ 52 কে.জি. শাখাত ছাকেন বিবোচিনোভক পৰাস্ত কৰাৰ পাছতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় অমিত পাংঘাল ৷

অমিত পাংঘালৰ ফাইনেলত প্ৰৱেশ
ফাইনেলত ভাৰতীয় বক্সাৰগৰাকীয়ে উজবেকিস্তানৰ ছাখোবিদিন জৈৰভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ ইয়াৰ পূৰ্বে মনিষ কৌষিকে ছেমি ফাইনেলত কিউবাৰ এণ্ডি ক্ৰজ গোমেজৰ বিৰুদ্ধে 0-5 ব্যৱধানত পৰাস্ত হয় ৷ এই জয়েৰে বিজেন্দৰ সিং (2009),বিকাশ কৃষণ (2011),শিৱ থাপা (2015) আৰু গৌৰৱ বিধুৰী (2017)ৰ ব্ৰঞ্জ পদক জয়ী ক্লাৱত স্থান লাভ কৰে মনিশ কৌশিকে ৷