স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ :সম্প্ৰতি ক্ৰীড়া জগতত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱাইব মালিক আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিবাহ বিচ্ছেদক লৈ বিশেষ চৰ্চা চলিছে (Sania Mirza Shoaib Malik divorce)। অৱশ্যে ১২ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ মাজতে দুয়োগৰাকী ক্ৰীড়া তাৰকাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । এক ৰিয়েলিটি শ্ব'ত একেলগে উপস্থিত থাকিব দুয়ো তাৰকা । তেওঁলোকৰ এই ঘোষণাৰ লগে লগে এতিয়া অনুৰাগী তথা ৰাইজৰ মাজত ব্যাপক কৌতূহলে বিৰাজ কৰিছে ।
ছানিয়া মিৰ্জা আৰু ছোৱাইব মালিকৰ বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে দুয়োগৰাকীয়ে ঘোষণা কৰিছে যে তেওঁলোকে শীঘ্ৰেই উৰ্দু ভাষাৰ ৰিয়েলিটি শ্ব' মিৰ্জা মালিক শ্ব'ত একেলগে উপস্থিত থাকিব (Sania Mirza Shoaib show on urduflix)। এই ঘোষণাই ইতিমধ্যে বহুতো অনুৰাগীক বিভ্ৰান্ত কৰি তুলিছে ।
উল্লেখ্য যে, শেহতীয়াকৈ ছোৱাইবৰ বিশ্বাসঘাতকতাৰ ফলত ছানিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ বাতৰি ভাইৰেল হৈ পৰিছে (Sania Shoaib divorce controversy)। অৱশ্যে ছানিয়া বা ছোৱাইবে এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই । আমোদজনকভাৱে, ছোৱাইব আৰু ছানিয়াই এতিয়াও ইনষ্টাগ্ৰামত দুয়োগৰাকীয়ে পোষ্ট শ্বেয়াৰ কৰা অব্যাহত ৰাখিছে । অৱশ্যে, ছানিয়াৰ একাংশ পোষ্ট, কেপশ্বন আৰু ষ্ট'ৰীবোৰে বিবাহ বিচ্ছেদৰ উৰা বাতৰিত বিশেষ ইন্ধন যোগাইছিল ।