অসম

assam

নগাঁৱত সদৌ অসম এমেচাৰ বক্সিং সন্থাৰ দ্বি-বাৰ্ষিক সভা

By

Published : Dec 1, 2019, 8:59 AM IST

আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং প্ৰতিযোগিতাত এইবাৰো থাকিব অসমৰ বহুকেইগৰাকী খেলুৱৈ ৷ নগাঁৱত অনুষ্ঠিত হৈ যোৱা সদৌ অসম এমেচাৰ বক্সিং সন্থাৰ দ্বি-বাৰ্ষিক সভাত এই কথা ঘোষণা কৰে সংস্থাই ৷

All Assam amateur Boxing, সদৌ অসম এমেচাৰ বক্সিং সন্থা, নগাঁৱত এমেচাৰ বক্সিং সন্থাৰ সভা, All Assam Amateur Boxing Association, Boxing Association meeting at Nagaon
সদৌ অসম এমেচাৰ বক্সিং সন্থাৰ দ্বি-বাৰ্ষিক সভা

নগাঁও, 1 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতালৈ সাজু হৈছে অসমৰ বহুকেইগৰাকী খেলুৱৈ ৷ বিগত বৰ্ষসমূহৰ দৰে আগন্তুক বৰ্ষত বহুকেইগৰাকী অসমীয়া খেলুৱৈয়ে ভাগ ল'ব আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত ৷ এই কথা ঘোষণা কৰিছে সদৌ অসম এমেচাৰ বক্সিং সন্থাই ৷

লগতে পঢ়কঃ ডেভিদ ৱাৰ্ণাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক

শনিবাৰে নগাঁৱত অনুষ্ঠিত হৈ যায় সদৌ অসম এমেচাৰ বক্সিং সন্থাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা ৷ নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত বক্সিং খেলুৱৈসকলক লৈ বিশদ আলোচনা অনুষ্ঠিত হয় ৷ সভাতেই অসমৰ বহুকেইগৰাকী খেলুৱৈয়ে আগন্তুক বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সন্থাৰ বিষয়বৱীয়াই ৷

লগতে পঢ়কঃ টেষ্টত 73 বছৰীয়া অভিলেখ ভংগ ষ্টিভ স্মিথৰ

ABOUT THE AUTHOR

...view details