স্পৰ্টছ ডেস্ক,৮ জুলাই :টকিঅ'ত অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । ইতিমধ্যে প্ৰায় প্ৰতিখন দেশৰ নিৰ্বাচিত খেলুৱৈসকল সাজু হৈছে এই প্ৰতিযোগিতাৰ বাবে । আয়োজক টকিঅ' সম্পূৰ্ণ সাজু হৈ উঠিছে । কিন্তু ইয়াৰ মাজতে এক উদ্বেগজনক খবৰ ।
অলিম্পিক আৰম্ভ হ'বলৈ মাত্ৰ দুসপ্তাহ বাকী থকা সময়তে পুনৰ টকিঅ'ত (Tokyo) ক'ভিডে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । যোৱা দুটা মাহৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰমণ হৈছে টকিঅ'ত । টকিঅ'ত নতুনকৈ ৯২০ গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি । লগে লগে শংকিত হৈ পৰিছে প্ৰশাসন তথা চৰকাৰ আৰু অলিম্পিক সন্থা (Olympic association) ।
অলিম্পিক আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে জাপান চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সাজু হৈছে । ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই (Yoshihide Suga) ভাইৰাছ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰো আয়োজন কৰিছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে টকিঅ'ৰ শেহতীয়া পৰিস্থিতিকলৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে ।