অসম

assam

ETV Bharat / sports

টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা - টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা

টকিঅ’ অলিম্পিক (Tokyo Olympic) ৩১ জুলাইৰ পৰা আৰম্ভ হ'ব আৰু ৯ আগষ্টত সামৰণি পৰিব । ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ সভাপতি এডিলে জে চুমাৰিৱালা (Athletics Federation of India Adille J. Sumariwalla)ই দলটোৱে অলিম্পিকত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশা ব্যক্ত কৰে ।

টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা
টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা

By

Published : Jul 6, 2021, 9:53 AM IST

স্প’ৰ্টছ ডেস্ক, 6 জুলাই : ভাৰতীয় এথলেটিকছ ফেডাৰেছনে (Athletics Federation of India) সোমবাৰে টকিঅ' অলিম্পিক (Tokyo Olympic)ত অংশগ্ৰহণ কৰিবলগীয়া ২৬ জনীয়া দলটো ঘোষণা কৰে । টকিঅ’ অলিম্পিক (Tokyo Olympic) এথলেটিকছৰ খেলসমূহ ৩১ জুলাইৰ পৰা আৰম্ভ হ'ব আৰু ৯ আগষ্টত সামৰণি পৰিব । ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ সভাপতি এডিলে জে চুমাৰিৱালা (Athletics Federation of India Adille J. Sumariwalla)ই দলটোৱে অলিম্পিকত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশা ব্যক্ত কৰে । তেওঁ অলিম্পিক গেমছৰ বাবে শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত এটা দল প্ৰেৰণ কৰিবলৈ পাই সন্তোষ ব্যক্ত কৰে ।

ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ সভাপতি এডিলে জে চুমাৰিৱালা

ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ সভাপতিগৰাকীয়ে লক ডাউন (Lock Down) উঠাই লোৱাৰ পিছৰে পৰা খেলুৱৈসকলে প্ৰশিক্ষণ অব্যাহক ৰখাৰ কখা জানিবলৈ দিয়ে ৷ চুমাৰিৱালাই লগতে কয় যে, 12 গৰাকী একক খেলুৱৈ আৰু 4x400 মিটাৰ মিক্সড ৰিলে দলে বিশ্ব এথলেটিকছৰ দ্বাৰা নিৰ্ধাৰিত প্ৰৱেশৰ মানদণ্ড প্ৰাপ্ত কৰিছে । ভাৰতীয় দৌৰবিদ দ্যুতি চান্দ (মহিলাৰ 100 মিটাৰ আৰু 200 মিটাৰ), এম পি জাবিৰ (পুৰুষৰ 400 মিটাৰ), গুৰপ্ৰীত সিং (পুৰুষৰ 50 কিল’মিটাৰ) আৰু জেভেলিন থ্ৰ’ত মহিলা শাখাৰ অন্নু ৰাণীয়ে ৰেংকিঙত নিজৰ স্থান অটুট ৰাখিছে ৷

ভাৰতীয় দৌৰবিদ দ্যুতি চান্দ

অলিম্পিকৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো -

পুৰুষ : অবিনাশ চাবল (3000 মিটাৰ ষ্টিপলচেজ), এম পি জাবিৰ (400 মিটাৰ হৰ্ডলচ), এম শ্ৰী শংকৰ (লং জাম্প), তাজিন্দৰপাল সিং তুৰ (শ্বটপুত), নীৰজ চোপ্ৰা আৰু শিৱপাল সিং (জেভেলিন থ্ৰ’), কে টি ইৰফান, সন্দীপ কুমাৰ আৰু ৰাহুল ৰোহিল্লা (20 কিল’মিটাৰ খোজকঢ়া) আৰু গুৰপ্ৰীত সিং (50 কিল’মিটাৰ খোজকঢ়া), আমোজ জেকব, আৰোকিয়া ৰাজীৱ, মহম্মদ আনাছ, নাগনাথন পাণ্ডি আৰু নোহ নিৰ্মল টম (পুৰুষৰ 4x400 মিটাৰ ৰিলে), সাৰ্থক ভাম্ব্ৰী, এলেক্স এণ্টনি (4x400 মিটাৰ মিক্সড ৰিলে) ৷

মহিলা : দ্যুতি চান্দ (100 মিটাৰ আৰু 200 মিটাৰ), কমলপ্ৰীত কৌৰ আৰু সীমা এণ্টিল-পুনিয়া (ডিচকাচ থ্ৰ’) আৰু অন্নু ৰাণী (জেভেলিন থ্ৰ’), ভৱানা জাট আৰু প্ৰিয়ংকা গোস্বামী (20 কিল’মিটাৰ খোজকঢ়া), ৰেৱতী বীৰামণি, সুভা ভেংকটেচন আৰু ধনলক্ষ্মী শেখৰ (4x400 মিটাৰ মিক্সড ৰিলে) ।

লগতে পঢ়ক :দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত ভাৰত-ইংলেণ্ডৰ পাঁচদিনীয়া টেষ্ট শৃংখলা

ABOUT THE AUTHOR

...view details