অসম

assam

ETV Bharat / sports

২০২০ কমনৱেলথ গেম্ছ বহিষ্কাৰৰ পক্ষত নাই বিন্দ্ৰা - অভিনৱ বিন্দ্ৰা

২০২০ চনত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেম্ছৰ বহিষ্কাৰ কৰাৰ পক্ষত নাই অলিম্পিক স্বৰ্ণ পদক জয়ী অভিনৱ বিন্দ্ৰাৰ ।

২০২০ কমনৱেলথ গেম্ছ বহিষ্কাৰৰ পক্ষত নাই বিন্দ্ৰা

By

Published : Jul 29, 2019, 12:01 AM IST

স্পৰ্টছ ডেস্ক, ২৮ জুলাইঃ বহিষ্কাৰৰ পক্ষত নাই অলিম্পিক স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰা । ২০২০ চনত কমনৱেলথ গেম্ছ বহিষ্কাৰ কৰাটো বিকল্প হ'ব নোৱাৰে । বিন্দ্ৰাই কয়, বহিষ্কাৰৰ পৰিৱৰ্তে ভাৰতীয় অলিম্পিক সংঘই শ্বুটিঙক কমনৱেলথ গেমছৰ মুখ্য (Core) গেমছত অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰিবলৈ যত্ন কৰিব লাগে ।

২০২০ কমনৱেলথ গেম্ছ বহিষ্কাৰৰ পক্ষত নাই বিন্দ্ৰা

বিন্দ্ৰাই টুইট কৰি কয়, বহিষ্কাৰ কেতিয়াও খেলুৱৈক জয়ী হোৱাত উৎসাহ নিদিয়ে । এইয়া অপ্ৰাংসগিক আৰু খেলুৱৈৰ বাবে এইয়া শাস্তি । ইয়াৰ পৰিৱৰ্তে IOAয়ে যদি কমনৱলেথ গেম্ছৰ কমিটিৰ সমৰ্থন লাভ কৰি ভৱিষ্যতে শ্বুটিঙক মুখ্য খেলত অন্তৰ্ভূক্ত কৰিবলৈ প্ৰয়াস কৰাৰ যত্ন কৰাৰ প্ৰয়োজন আছিল । বিন্দ্ৰাৰ লগতে হিনা সিন্ধুৱেও বহিষ্কাৰৰ সিদ্ধান্ত ওপৰত পুনৰ বিচাৰ কৰিবলৈ আহ্বান জনাইছিল । ২০২২ চনৰ জুন মাহত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছত কমনৱেলথ মহাসংঘই শ্বুটিঙক স্থান দিয়া নহব বুলি উল্লেখ কৰিছিল । এনে হ'লে 1970 চনৰ পিচত এইয়া প্ৰথমবাৰৰ বাবে কমনৱেলথ গেম্ছত অন্তৰ্ভূক্ত কৰা নহব শ্বুটিঙক ।

ABOUT THE AUTHOR

...view details