অসম

assam

ETV Bharat / sports

বেলুন বিশ্বকাপ 2021 : 31 খন দেশক হৰুৱাই চূড়ান্ত বিজয়ী পেৰু - Balloon World Cup 2021

স্পেইনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বেলুন বিশ্বকাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিলে পেৰুৰ ফ্ৰাঞ্চেস্কো ডে লা ক্ৰুজে ৷ ফাইনেলত জাৰ্মানীৰ জেন স্পাইছক 6-2 ত পৰাজিত কৰে ডে লা ক্ৰুজে ৷

32 Countries Take Part in First Balloon World Cup
বেলুন বিশ্বকাপ 2021 : 31 খন দেশক হৰুৱাই চূড়ান্ত বিজয়ী পেৰু

By

Published : Oct 19, 2021, 8:37 AM IST

স্প’ৰ্টছ ডেস্ক, 19 অক্টোবৰ : পোন প্ৰথমবাৰৰ বাবে স্পেইনত অনুষ্ঠিত হ’ল বেলুন বিশ্বকাপ ৷ এই প্ৰতিযোগিতাখনিত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিলে পেৰুৰ খেলুৱৈ ফ্ৰাঞ্চেস্কো ডে লা ক্ৰুজে ৷ জানিব পৰা অনুসৰি এই প্ৰতিয়োগিতাখনি একাংশ ভাইৰেল ভিডিঅ’ৰ পৰা অনুপ্ৰাণিত হৈ অনুষ্ঠিত কৰা হৈছিল ৷

বেলুন বিশ্বকাপ 2021

খেলৰ নিয়ম তেনেই সাধাৰণ- খেলুৱৈসকলে বেলুনটো মাৰি পঠিয়াব লাগে যাতে বেলুনটোৱে মাটিত স্পৰ্শ নকৰে ৷ যদি খেলুৱৈগৰাকীয়ে বেলুনটো মাৰিব নোৱাৰে আৰু ই মাটি স্পৰ্শ কৰে, তেন্তে বিৰোধী খেলুৱৈগৰাকীয়ে পইণ্ট লাভ কৰিব ৷

বেলুন বিশ্বকাপ 2021

এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছিল বাৰ্চিলোনাৰ ফুটবল খেলুৱৈ জেৰাৰ্ড পিক আৰু স্পেইনৰ ইণ্টাৰনেট তাৰকা ইবাই লানোছে ৷ তেৰাগোনাৰ এখন মনোৰঞ্জন পাৰ্কত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত 32 টা দলে অংশগ্ৰহণ কৰিছিল ৷

বেলুন বিশ্বকাপ 2021

ফাইনেল খেলখন 8x8 মিটাৰ কোৰ্টত অনুষ্ঠিত হয় আৰু ফাইনেলখন জাৰ্মানীৰ জেন স্পাইছ আৰু পেৰুৰ ফ্ৰাঞ্চেস্কো ডে লা ক্ৰুজৰ মাজত অনুষ্ঠিত হৈছিল ৷ ফাইনেলত ডে লা ক্ৰুজে জাৰ্মানীৰ জেন স্পাইছক 6-2 পৰাজিত কৰে ৷

বেলুন বিশ্বকাপ 2021

লগতে পঢ়ক :20 অক্টোবৰৰ পৰা ১১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ

ABOUT THE AUTHOR

...view details