অসম

assam

ETV Bharat / sports

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ : গুৱাহাটীত আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট

শেহতীয়াকৈ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টে । বিশ্বৰ নামী - দামী তাৰকাই অংশগ্ৰহণ কৰিবলগীয়া এই টুৰ্ণামেন্ট অহা ২০ মে'ৰ পৰা ২৪ মে'লৈ পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'ব । শিব থাপা, মেৰী কমৰ লগতে বটোৰভ ব'বৰ দৰে তাৰকা এই প্ৰতিযোগিতাত উপস্থিত থাকিব ।

By

Published : May 19, 2019, 5:42 PM IST

গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট

গুৱাহাটী, ১৯ মে: গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অহা ২০ মে'ৰ পৰা ২৪ মে'লৈ অনুষ্ঠিত হ'ব দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট । এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী নামী - দামী বক্সিং খেলুৱৈয়ে । এছিয়ান গেমছত স্বৰ্ণ পদকজয়ী বটোৰভ ব'ব আৰু অলিম্পিকৰ বাবে নিৰ্বাচিত বহু কেইজন ৱৰ্ল্ড চেম্পিয়নেও টুৰ্ণামেন্টটোত অংশগ্ৰহণ কৰিব । চাৰিবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপত পদক দখল কৰা অসমৰ শিৱ থাপাৰ লগতে অসমৰ আন ৬ জনকৈ বক্সাৰে প্ৰতিযোগিতা খনত অংশ ল'ব বুলি জানিব পৰা গৈছে ।

গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট

ভাৰতৰ সৰ্বমুঠ পুৰুষৰ ৩৮ গৰাকী আৰু মহিলাৰ ৩৭ গৰাকী বক্সাৰে প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি ইটালী, পোলেণ্ড, আৰ্জেন্টিনা, থাইলেণ্ডৰ লগতে বিশ্বৰ মুঠ ১৬ খনকৈ দেশে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতা খন পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'ব । এই টুৰ্ণামেন্টখন ভাৰত চৰকাৰৰ "মিনিষ্ট্ৰী অফ য়ুথ এফেয়াৰ্ছ" আৰু "স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া"ৰ অধীনত অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি প্ৰতিযোগিতা খনত উপস্থিত থাকিব ভাৰতীয় বক্সিং তাৰকা মেৰী কম আৰু এছিয়ান চেম্পিয়নশ্বিপৰ পদক দখলকাৰী পূজা ৰাণী, ভাগৱতী কাচন, মানিশা মৌন আৰু চিমৰণজিৎ কৌৰ ।

ABOUT THE AUTHOR

...view details