অসম

assam

ETV Bharat / sports

Asian Champions Trophy 2023 : এছিয়ান চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা

এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩-ৰ বাবে ভাৰতীয় পুৰুষ হকী দলটো ঘোষণা কৰা হৈছে । হকী ইণ্ডিয়াই এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩-ৰ বাবে ১৮ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰিছে ।

Asian Champions Trophy 2023
Asian Champions Trophy 2023

By

Published : Jul 25, 2023, 7:10 PM IST

স্পৰ্টছ ডেস্ক, ২৫ জুলাই :হকী ইণ্ডিয়াই মঙলবাৰে আগন্তুক এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩-ৰ বাবে ১৮ জনীয়া পুৰুষ হকী দল ঘোষণা কৰে । উল্লেখ্য যে এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩ আগষ্ট মাহৰ ৩ তাৰিখৰ পৰা ১২ তাৰিখলৈ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । আনহাতে, এছিয়ান চেম্পিয়নছ ট্ৰফীয়ে হাংঝৌ এছিয়ান গেমছৰ বাবে এক প্ৰস্তুতিমূলক কাৰ্যসূচী হিচাপেও কাম কৰিব ।

ঘোষিত দলটোৰ নেতৃত্ব দিব শীৰ্ষ ড্ৰেগ-ফ্লিকাৰ আৰু ডিফেণ্ডাৰ হৰমনপ্ৰীত সিঙে । আনহাতে, সুদক্ষ মিডফিল্ডাৰ হাৰ্দিক সিং হ'ব উপ-অধিনায়ক । পি আৰ শ্ৰীজেশ আৰু কৃষ্ণ বাহাদুৰ পাঠকক গ'লৰক্ষক হিচাপে মনোনীত কৰা হৈছে । ইয়াৰ উপৰি জাৰ্মানপ্ৰীত সিং, সুমিত, জুগৰাজ সিং, হৰমনপ্ৰীত সিং, বৰুণ কুমাৰ আৰু অমিত ৰোহিদাসক ডিফেণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

ইফালে মিডফিল্ডৰ নেতৃত্ব দিব হাৰ্দিক, বিবেক সাগৰ প্ৰসাদ, চমছেৰ সিং আৰু নীলকণ্ঠ শৰ্মা । মনপ্ৰীত সিঙক পুনৰ মিডফিল্ডাৰ হিচাপে দেখা যাব । পূৰ্বতে প্ৰ'লীগৰ ইউৰোপীয় লেগৰ সময়ত তেওঁক ডিফেণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । এইবাৰ তেওঁ মিডফিল্ডলৈ উভতি আহিব । আকাশদীপ সিং, মনদীপ সিং, গুৰজন্ত সিং, সুখজিৎ সিং আৰু এছ কাৰ্তিকক লৈ গঠিত হৈছে ফৰৱাৰ্ড লাইন গঠিত হৈছে । ফৰৱাৰ্ড লাইন হৈছে গ'ল কৰিবলৈ গুৰুত্বপূৰ্ণ, ই স্ক'ৰ কৰাৰ সুযোগ সৃষ্টি কৰে আৰু বিপক্ষৰ ৰক্ষণ বিভাগৰ ওপৰত নিৰন্তৰ চাপ সৃষ্টি কৰে ।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত ভাৰতে কোৰিয়া, মালয়েছিয়া, পাকিস্তান, জাপান আৰু চীনৰ মুখামুখী হ'ব ।

দল নিৰ্বাচন সন্দৰ্ভত মুখ্য প্ৰশিক্ষক ক্ৰেগ ফাল্টনে কয়, "আমি সতৰ্কতাৰে এটা দল বাছনি কৰিছোঁ । দলটোৰ আগবাঢ়ি যোৱাৰ আৰু হিৰো এছিয়ান চেম্পিয়নছ ট্ৰফী চেন্নাই ২০২৩-ত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচিত দলটোত কিছু যুৱ আৰু অভিজ্ঞতাৰ মিশ্ৰণ আছে । এইটো দলটোৰ বাবে এক উত্তেজনাপূৰ্ণ পৰ্যায় । কিয়নো আমি কাইলৈ স্পেইনত স্পেনিছ হকী ফেডাৰেচনৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিম আৰু এই প্ৰতিযোগিতাৰ পিছত আমি এছিয়ান চেম্পিয়নছ ট্ৰফী চেন্নাই ২০২৩-ত ঘৰুৱা খেলৰ বাবে পোনপটীয়াকৈ চেন্নাইলৈ উৰা মাৰিম । নিৰ্বাচিত খেলুৱৈসকল এই সুযোগ লাভ কৰি উৎসাহিত আৰু তেওঁলোকে উৎসাহী ঘৰুৱা অনুৰাগীসকলৰ সন্মুখত খেলিবলৈ বাট চাই আছে ।"

ঘোষিত ভাৰতীয় দলটো

গ'লৰক্ষক : পিআৰ শ্ৰীজেশ, কৃষ্ণ বাহাদুৰ পাঠক ।

ডিফেণ্ডাৰ : জাৰ্মানপ্ৰীত সিং, সুমিত, জগৰাজ সিং, হৰমনপ্ৰীত সিং (অধিনায়ক), বৰুণ কুমাৰ, অমিত ৰোহিদাস ।

মিডফিল্ডাৰ : হাৰ্দিক সিং (উপ-অধিনায়ক), বিবেক সাগৰ প্ৰসাদ, মনপ্ৰীত সিং, নীলাকান্ত শৰ্মা, চমছেৰ সিং ।

ফৰৱাৰ্ড : আকাশদীপ সিং, মনদীপ সিং, গুৰজন্ত সিং, সুখজিৎ সিং, এছ কাৰ্তি ।

লগতে পঢ়ক :India WTC Ranking : ৱেষ্ট ইণ্ডিজৰ সৈতে ড্ৰ খেলি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় স্থানলৈ অৱনমিত ভাৰত

ABOUT THE AUTHOR

...view details