স্পৰ্টছ ডেস্ক,৩ আগষ্ট:অৱশেষত টকিঅ' অলিম্পিকত (Tokyo Olympic) স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ'ল ভাৰতৰ পুৰুষ হকী দলৰ (Indian Hockey Man's Team) । বেলজিয়ামৰ (Belgium) বিৰুদ্ধে মঙলবাৰে চেমিফাইনেলত পৰাজয়ৰ পাছতে ক্ৰীড়া অনুৰাগীসকলক নিৰাশ কৰিলে হকী দলটোৱে । অৱশ্যে টকিঅ'ত পদক লাভৰ আশা এতিয়াও সম্পূৰ্ণৰূপে নিঃশেষ হোৱা নাই ভাৰতীয় দলটোৰ বাবে । কিয়নো অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত হ'বলগীয়া পৰৱৰ্তী চেমিফাইনেলত যিটো দল পৰাজিত হ'ব সেই দলটোৰ সৈতে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো ।
অৱশ্যে চেমিফাইনেলত পৰাজিত হ'লেও ভাৰতীয় দলটোৰ চেষ্টাক সকলোৱে প্ৰশংসা কৰিছে । কিয়নো ভাৰতীয় খেলুৱৈখিনিয়ে সুন্দৰ আৰম্ভণি কৰিছিল আৰু উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছিল, কিন্তু শেষৰ ফালে এই প্ৰদৰ্শনৰ ধাৰা কিছু হ্ৰাস পাইছিল যাৰ সুযোগ গ্ৰহণ কৰিছিল বেলজিয়ামৰ খেলুৱৈখিনিয়ে । লক্ষণীয়ভাৱে শেষৰ ১৫ মিনিটত ভাৰতৰ বিৰুদ্ধে বেলজিয়ামে ৩ টা গ'ল কৰিছিল ।
খেল সমাপ্তিৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (Prime Minister Narendra Modi) টুইটযোগে দলটোক শুভেচ্ছা জ্ঞাপন কৰে । এতিয়ালৈ টকিঅ'ত ভাৰতীয় দলটোৱে যি ধৰণৰ প্ৰদৰ্শন দেখুৱাইছে তাক লৈ দেশবাসী গৌৰৱান্বিত বুলিও তেওঁ কয় ।