অসম

assam

ETV Bharat / sports

বাধ্যত পৰি হকী ইণ্ডিয়াৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি মোস্তাক আহমেদৰ - হকী ইণ্ডিয়াৰ অধ্যক্ষ মঃ মোস্তাক আহমেদ

ব্যক্তিগত অসুবিধাৰ অজুহাত দেখুৱাই অৱশেষত অব্যাহতি ল'লে হকী ইণ্ডিয়াৰ অধ্যক্ষ মঃ মোস্তাক আহমেদে । ৰাষ্ট্ৰীয় খেল সংহিতা কাৰ্যকাল সম্বন্ধীয় নীতি নিৰ্দেশনা অমান্য কৰাৰ অভিযোগেৰে খেল মন্ত্ৰালয়ে তেওঁক পদবী এৰি দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ।

Under pressure Hockey India President Mushtaque Ahmad reigns
বাধ্যত পৰি অৱশেষত অব্যাহতি ললে হকি ইণ্ডিয়াৰ অধ্যক্ষই

By

Published : Jul 11, 2020, 12:56 AM IST

Updated : Jul 11, 2020, 7:32 AM IST

নিউজ ডেস্ক,১০জুলাই : হকী ইণ্ডিয়াৰ তৰফৰ পৰা জানিব দিয়া মতে, শুকুৰবাৰে অনুস্থিত হোৱা হকী ইণ্ডিয়াৰ কাৰ্যবাহী সভাতে মণিপুৰৰ জ্ঞানেন্দ্ৰ নিগোমবামক কাৰ্যবাহী অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে । লগতে উল্লেখ কৰিলে মঃ মোস্তাক আহমেদৰ পদত্যাগৰ পিচতহে এগৰকী নতুন অধ্যক্ষ নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখ্য যে, যোৱা ৭ জুলাইত হকী ইণ্ডিয়ালৈ অধ্যক্ষ আহমেদে প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেখেতৰ ব্যক্তিগত তথা পাৰিবাৰিক অসুবিধাৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু ইয়াৰ পিচতেই শুকুৰবাৰে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰিছিল হকী ইণ্ডিয়াই ।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মঃ মোস্তাক আহমেদ

মন কৰিব লগীয়া যে, ২০১৮ বৰ্ষত হোৱা নিৰ্বাচনত মঃ মোস্তাক আহমেদে কাৰ্যকাল সম্বন্ধীয় নীতি নিৰ্দেশনা উলংঘা কৰাৰ তথ্য পাইছিল খেল মন্ত্ৰালয়ে । ইফালে ২০১৮ৰ এই নিৰ্বাচনৰ পাছৰ পৰাই মঃ মোস্তাক আহমেদে দায়িত্ব লৈছিল সংস্থাটোৰ অধ্যক্ষৰ পদবীৰ ।

শেহতীয়াকৈ খেল মন্ত্ৰালয়ে হকী ইণ্ডিয়াৰ মুখ্য সচিব ৰাজেন্দ্ৰ সিঙলৈ ৬ জুলাইত প্ৰেৰণ কৰা এখন পত্ৰৰ জড়িয়তে সংস্থাটোৰ অধ্যক্ষ পদৰ নিৰ্বাচন অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত অনুস্থিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক :বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মীয়ৰ তথ্য বিচাৰিলে নাগালেণ্ড চৰকাৰে

Last Updated : Jul 11, 2020, 7:32 AM IST

ABOUT THE AUTHOR

...view details