স্প’ৰ্টছ ডেস্ক, 4 আগষ্ট :প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেল পৰ্যায়ত প্ৰৱেশ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলটো থমকিব লগীয়া হ’ল বুধবাৰৰ ছেমি ফাইনেল খেলখনত ৷টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা(Argentina)ৰ হাতত পৰাস্ত হয় ভাৰতীয় মহিলা হকী দল(Indian women's Hockey team)৷
আৰ্জেণ্টিনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়ো অৱশেষত ২-১ গ'লত হাৰ মানিব লগা হ’ল ৰাণী ৰামপাল নেতৃত্বধীন দলটোৱে । এতিয়া ভাৰতীয় দলটোৱে ৬ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।