অসম

assam

ETV Bharat / sports

চক দে ইণ্ডিয়া : এটা দশকৰ পিছত হকীৰ ছেমি ফাইনেলত ভাৰত - অলিম্পিকৰ ছেমি ফাইনেলত ভাৰত

টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰি অন্তিম চাৰিটা স্থানত স্থান নিশ্চিত কৰিছে ভাৰতীয় হকী দলে (পুৰুষ) ।

Tokyo Olympics: Indian men's hockey team qualifies for semifinal
Tokyo Olympics: 41 বছৰৰ পাছত ছেমিফাইনেলত ভাৰত

By

Published : Aug 1, 2021, 8:35 PM IST

স্প’ৰ্টছ ডেস্ক, ১ আগষ্ট :টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰি হকীৰ অন্তিম চাৰিটা স্থানত নিজৰ স্থান নিশ্চিত কৰিছে ভাৰতীয় হকী দলে (পুৰুষ) । টীম ইণ্ডিয়াই দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে । প্ৰায় চাৰি দশকৰ পিছত এইবাৰ অলিম্পিকৰ ছেমি ফাইনেলত অৱৰ্তীণ হ’ব দলটো । ভাৰতীয় হকী দলে ইয়াৰ পূৰ্বে ১৯৮০ চনৰ অলিম্পিকৰ ছেমি ফাইনেল খেলিছিল আৰু স্বৰ্ণ পদক অৰ্জন কৰিছিল ।

1980 চনৰ পাছত এইবাৰ ভাৰতীয় দলে অলিম্পিকৰ ছেমি ফাইনেলত উপনীত হৈছে ৷ বিশ্বৰ তৃতীয় স্থানত থকা ভাৰতীয় পুৰুষ হকী দলে এইবাৰ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ ভাৰতীয় দলটোৱে পুল পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখন বাহিৰে সকলো দলৰ বিৰুদ্ধে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই গ্ৰুপত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় ৷

দেওবাৰৰ খেলখনৰ বিজয়ৰ মূল নায়ক আছিল গ’লৰক্ষক পী শ্ৰীজেষ ৷

এটা দশকৰ পিছত হকীৰ ছেমি ফাইনেলত ভাৰত

গ’লৰক্ষক পী শ্ৰীজেষে এটা পেনাল্টি কৰ্ণাৰ ৰক্ষা কৰি ব্ৰিটেইনক গ’ল কৰাত বাধা দি ভাৰতীয় দলক বিজয়ৰ দিশে আগবঢ়াই নিয়ে ৷ আনহাতে গুৰজন্ত আৰু দিলপ্ৰীত সিঙে এটাকৈ গ'ল কৰি ভাৰতক হাফ টাইমত ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ পিছত হাৰ্দিক সিঙে শেষ মুহুৰ্তত গ'ল কৰি ভাৰতক ৩-১ ৰ অগ্ৰগতি প্ৰদান কৰে ।

ইয়াৰ লগতে ভাৰতীয় দল পদক অৰ্জনৰ দৌৰত মাত্ৰ এটা খোজ দূৰৈত আছে ৷ উল্লেখ্য যে, অলিম্পিকৰ ইতিহাসত ভাৰতীয় হকী দলৰ নাম এতিয়াও সোণালী আখৰেৰে লিখা আছে । 1980 চনৰ পৰা 41 বছৰৰ পিছত পুনৰ ভাৰতীয় হকী দলে হেৰুওৱা খ্যাতি পুনৰুদ্ধাৰ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক :Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলেৰে ইতিহাস ৰচিলে পি ভি সিন্ধুৱে

ABOUT THE AUTHOR

...view details