অসম

assam

By

Published : Jul 27, 2021, 12:05 PM IST

ETV Bharat / sports

Tokyo Olympics : হকীত স্পেইনৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

ৰুপিন্দৰপাল সিঙৰ দুটাকৈ আকৰ্ষণীয় গ'লেৰে স্পেইনৰ বিৰুদ্ধে জয়লাভ ভাৰতীয় পুৰুষ হকী দলৰ । চিমৰণজিৎ সিঙেও ভাৰতৰ হৈ এটা গ'ল কৰে ।

Rupinderpal Singh
fহকীত স্পেইনৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

স্পৰ্টছ ডেস্ক,২৭ জুলাই :অলিম্পিকত পদক লাভৰ বাবে যুদ্ধ অব্যাহত ৰাখিছে পুৰুষৰ ভাৰতীয় হকী দলে (Indian Hockey Team) । মঙলবাৰে স্পেইনৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি ভাৰতে ৩-০ গ'লত জয়লাভ কৰিবলৈ সক্ষম হয় । ভাৰতীয় দলটোৰ ৰুপিন্দৰপাল সিং (Rupinderpal Singh) আৰু চিমৰণজিৎ সিঙৰ(Simranjeet Singh) আকৰ্ষণীয় প্ৰদৰ্শনে টকিঅ' অলিম্পিকৰ পুল এ খেলৰ অ'ই হকী ষ্টেডিয়াম চাউথ পিটছত দলটোক বিজয়ৰ মুখলৈ লৈ যায় ।

মিডফিল্ডাৰ চিমৰণজিতে ১৩ মিনিটত ভাৰতৰ হৈ প্ৰথমটো গ'লেৰে জয়ৰ মুখলৈ আগবঢ়াই লৈ গৈছিল । ৰুপিন্দৰপালে আকৌ খেলৰ ১৫ মিনিটত পেনাল্টি ষ্ট্ৰোকৰ জৰিয়তে দ্বিতীয়টো গ'ল কৰি ভাৰতক প্ৰথম কোৱাৰ্টাৰ মেচ বিজয়ী হোৱাৰ দিশে আগবঢ়াই লৈ যায় । পৰৱৰ্তী সময়ত ৰুপিন্দৰে ৫১ মিনিটত আন এটা গ'লৰ সৈতে ভাৰতক আন এখন খেলৰ বাবে সাজু হোৱাৰ ইংগিত দিয়ে ।

ইফালে অলিম্পিকৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত জয়ী হোৱাৰ পিছত বিশ্বৰ এক নম্বৰ দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৭ গ'লত একপ্ৰকাৰ ধৰাশায়ী হৈ গৈছিল ভাৰতীয় দলটো । কিন্তু স্পেইনৰ বিৰুদ্ধে এই জয়ৰ পাছত পুনৰবাৰ দলটোত কিছু আত্মবিশ্বাস ঘূৰি আহিব বুলি আশা কৰা হৈছে । সম্প্ৰতি ভাৰতীয় দলটো ৬ পইণ্টৰ সৈতে পুল এ তালিকাৰ দ্বিতীয় স্থানত আছে ।

লগতে পঢ়ক :Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

ABOUT THE AUTHOR

...view details